হঠাৎ NCP প্ৰধানৰ পদ এৰিলে শাৰদ পাৱাৰে, কোন বহিব পাৱাৰৰ স্থানত?


 

এনচিপি সভাপতিৰ পদ এৰিলে শাৰদ পাৱাৰে (Sharad Pawar)। আজি নিজেই এই ঘোষণা কৰে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে। অৱশ্যে তেওঁ ৰাজনীতিৰ পৰা সম্পূৰ্ণ অৱসৰ ল’ব নেকি সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।


১৯৯৯ চনত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী বা এনচিবিৰ প্ৰতিষ্ঠা কৰিছিল পাৱাৰে। পাৱাৰৰ পিছত এনচিপি প্ৰধানৰ পদত কোন বহিব, সেয়া এতিয়াও স্পষ্ট নহয়। বিগত কিছুদিন ধৰি ভতিজা অজিৰ সৈতে শাৰদ পাৱাৰৰ সংঘাতৰ খবৰ পোহৰলৈ আহিছিল। এই পৰিস্থিতিৰ মাজতে আজি সেই অজিত পাৱাৰক কাষত বহুৱাই নিজৰ আত্মজীৱনী প্ৰকাশৰ অনুষ্ঠানত দলৰ সভাপতিৰ পদ এৰাৰ ঘোষণা কৰে মহাৰাষ্ট্ৰৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী পাৱাৰে।

পদত্যাগৰ কথা জনাই পাৱাৰে কয়, ‘বিগত ছয় দশক ধৰি মহাৰাষ্ট্ৰৰ মানুহে মোক যি মৰম আৰু সমৰ্থন দিছে, সেয়া পাহৰিব নোৱাৰি। কিন্তু এতিয়া নতুন প্ৰজন্মক স্থান এৰি দিয়াৰ সময় আহিছে।’

পাৱাৰৰ এই ঘোষণা অৱশ্যে মানি ল’ব পৰা নাই দলৰ কৰ্মী–সমৰ্থকসকলে। পাৱাৰৰ ঘোষণাৰ পিছত তেওঁলোকৰ বহুতৰে চকুত চকুলো দেখা যায়। ভৱিষ্যতে দল কোন পথেৰে আগুৱাব, সেয়া ঠিক কৰিবলৈ দলৰ জ্যেষ্ঠ নেতাসকলক লৈ পেনেলো প্ৰস্তুত কৰি দিছে পাৱাৰে। বহুতেই এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে পাৱাৰক অনুৰোধ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে নিজৰ সিদ্ধান্ত সলনি কৰা নাই পাৱাৰে। দলৰ অন্যতম পুৰণি নেতা প্ৰফুল্ল পেটেলে জনায়, এই ঘোষণাৰ পূৰ্বে কাকো কোনো কথা জনোৱা নাই পাৱাৰে।

কৰ্মী–সমৰ্থকসকলক আশ্বস্ত কৰি পাৱাৰে কয়, মই আপোনালোকৰ সৈতেই আছো। কিন্তু এনচিপি প্ৰধান হিচাপে নহয়। অজিত পাৱাৰেও দাবী কৰে, দলৰ পৰৱৰ্তী সভাপতি শাৰদ পাৱাৰৰ অভিভাৱকত্বতে কাম কৰিব। বিগত কিছুদিন ধৰি শুনা গৈছিল, বিজেপিৰ সৈতে যোগাযোগ ৰাখিছে অজিত পাৱাৰে। তাক লৈ শাৰদ পাৱাৰৰ সৈতে তেওঁৰ সংঘাত হৈছিল বুলি খবৰ।

উল্লেখযোগ্য যে ঠিক ১৫ দিন পূৰ্বে শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া সুলে দাবী কৰিছিল, ‘আগন্তুক ১৫ দিনৰ ভিতৰত ৰাজনীতিত বিস্ফোৰক দুটা ঘটনা ঘটিব।’ সুপ্ৰিয়াৰ দাবী আছিল, ইয়াৰে এটা ঘটনা ঘটিব দিল্লীত, আনটো মহাৰাষ্ট্ৰত।

Post a Comment

Previous Post Next Post