Jio Cinema-ই অনলাইনযোগে IPL চোৱাৰ অভিজ্ঞতা সম্পূৰ্ণৰূপে সলনি কৰিছে। Jio Cinema য়ে IPL 2023 দৰ্শকক সম্পূৰ্ণ বিনামূলীয়াকৈ দেখুৱাইছে। দৰ্শকৰ সংখ্যাৰ ক্ষেত্ৰত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি আছে জিঅ’ চিনেমাই। যিয়ে আই পি এলৰ ইতিহাসৰ সকলো অভিলেখ অতিক্ৰম কৰিছে। আৰু এইবাৰ IPL, T-20 ক্ৰিকেটৰ উত্তেজনা অনুৰাগীৰ ওচৰলৈ আনিবলৈ, খেলপথাৰলৈ নোযোৱাকৈয়ে ষ্টেডিয়ামৰ অনুভৱ দিবৰ বাবে জিঅ’ চিনেমাৰ উদ্যোগত ফেন পাৰ্কৰ আয়োজন কৰা হৈছে। ফেন পাৰ্কক কেন্দ্ৰ কৰি ক্ৰিকেটপ্ৰেমীৰ মাজত উন্মাদনা দেখা গৈছে।
ছুটিৰ দিনত শনিবাৰ আৰু দেওবাৰে ২ দিনৰ বাবে আছে আই পি এলৰ ডাবল হেডাৰ। সেই মেচসমূহ চাবলৈ দেশৰ বিভিন্ন প্ৰান্তত ফেন পাৰ্কৰ আয়োজন কৰা হৈছে। য'ত দুদিনত চাৰিখন খেলৰ সম্পূৰ্ণ লাইভ ষ্ট্ৰীমিং বিনামূলীয়াকৈ কৰা হৈছে। যোৱা সপ্তাহৰ শেষৰ দুটা দিনত দেশৰ সাতটা স্থানত এই ফেন পাৰ্কৰ আয়োজন কৰা হৈছিল। ইয়াৰে বদোদৰা, কুৰ্ণুল, জলগাঁও, বাৰাণসী, কৰ্ণাল আৰু থুথুকুৰীৰ সৈতে পশ্চিম বংগৰ বুৰ্ডৱানত খেলৰ ব্যৱস্থা কৰা হয়। এই ফেন পাৰ্কসমূহলৈ হাজাৰ হাজাৰ দৰ্শকে নিজৰ প্ৰিয় দলসমূহক সমৰ্থন কৰিবলৈ আৰু ষ্টেডিয়ামৰ দৰে মজা উপভোগ কৰিবলৈ আহে। দেশৰ সাতখন চহৰৰ ডাঙৰ ডাঙৰ ৰাজহুৱা স্থান ক্ৰিকেট অনুৰাগীৰ বাবে আই পি এল ফেন পাৰ্ক সৃষ্টি কৰি মনোৰঞ্জনৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। কেৱল অনুৰাগীয়ে খেলখন চোৱাই নহয়, সমগ্ৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি খেলখন চাই ভাল পাইছিল।
আই পি এলৰ ডিজিটেল মালিকীস্বত্ব পোৱাৰ পিছৰে পৰা Jio Cinemaৰ ফেন পাৰ্ক পৰিকল্পনাত আছিল। দেশৰ ৩৫খনতকৈও অধিক চহৰত ইণ্টাৰনেটৰ ব্যৱহাৰ থকা প্ৰতিজন ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু ইণ্টাৰনেটৰ সুবিধা থকা প্ৰতিটো স্থানলৈ ক্ৰিকেটৰ উন্মাদনাক লৈ যোৱাৰ পৰিকল্পনা কৰিছে এই ফেন পাৰ্কখনে। ১৬ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ইতিমধ্যে ১৩খন ৰাজ্যৰ ১৫খন চহৰ আৰু নগৰত এই ফেন পাৰ্কৰ আয়োজন কৰা হৈছে। অনাগত দিনত ইয়াক আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্য জিঅ’ চিনেমাৰ।
