আজি আন্তৰ্জাতিক চাহ দিৱস । দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ হৈ থকা এবিধ পানীয় হৈছে চাহ । মন আৰু শৰীৰৰ অৱসাদ দূৰ কৰিবলৈ বিশ্বৰ প্ৰায়সংখ্যক মানুহেই পুৱা শুই উঠাৰ পৰা নিশা বিচনাত পৰা লৈকে বিভিন্ন সময়ত চাহ সেৱন কৰে ।
প্ৰতি বছৰে ২১ মে' দিনটোত গোটেই বিশ্বজুৰি আন্তৰ্জাতিক চাহ দিৱস হিচাপে উদযাপন কৰা হয় । ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে উদযাপন কৰে । চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ সংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা এই দিৱসৰ মূল লক্ষ্য ।চাহৰ বহনক্ষম উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহ গ্ৰহণৰ গুৰুত্ব আৰু পানীয় হিচাপে ব্যবহাৰ কৰি বিশ্বৰ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সজাগতা সৃষ্টি কৰা আন্তৰ্জাতিক চাহ দিৱসৰ মুখ্য উদ্দেশ্য২০০৫ চনৰ পৰা চাহ উৎপাদনকাৰী দেশ সমূহ যেনে: ভাৰত, শ্ৰীলংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ, কেনিয়া, মালাৱী, মালয়েছিয়া, উগাণ্ডা আৰু টাঞ্জানিয়ায়ে ১৫ ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰি আহিছিল ।
ৰাষ্ট্ৰসংঘয়ে অনুমোদন জনোৱাৰ পিছত ২০২০ চনত প্ৰথমবাৰৰ বাবে ২১ মে' তাৰিখে এই দিৱস উদযাপন হয় । আন্তৰ্জাতিক চাহ দিৱসে বিশ্বৰ চৰকাৰসমূহ আৰু নাগৰিকক বৈশ্বিক চাহ বাণিজ্যয়ে চাহ শ্ৰমিক সকলৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু ইয়াৰ লগত মূল্যৰ সহযোগ আৰু আইনী বেপাৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। ২০০৪ চনত ৱৰ্ল্ড ছচিয়েল ফৰামত কেইজনমান ভাৰতীয় ব্যক্তিৰ প্ৰচেষ্টাত ২০০৫ চনত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰা হৈছিল ।
তাৰপিছত ২০০৬ আৰু ২০০৮ চনত শ্ৰীলংকাত এই দিৱস পালন কৰা হৈছিল । আন্তৰ্জাতিক চাহ দিৱস পালন আৰু গোলকীয় চাহ কনফাৰেন্স ট্ৰেড ইউনিয়ন মুভমেণ্ট সংগঠনে উদযাপন কৰে । ২০১৫ চনত ভাৰত চৰকাৰে আন্তৰ্জাতিক চাহ দিৱস উদযাপনৰ পৰিসৰ বৃদ্ধি কৰিবলৈ খাদ্য আৰু কৃষি সংস্থাৰ চাহৰ বিষয়ে আন্তঃচৰকাৰী গোটত উপস্থাপন কৰে ।
ৰাষ্ট্ৰসংঘ খাদ্য আৰু কৃষি সংস্থাৰ চাহৰ বিষয়ে আন্তঃচৰকাৰী গোটে বৈশ্বিক চাহ অৰ্থনীতিক সবল কৰিবলৈ অহোপুৰুষাৰ্থ কৰে । এই গোটে আন্তৰ্জাতিক চাহ দিৱসৰ উদযাপনৰ বাবে বৈশ্বিক স্তৰত মাত মাতিবলৈ আৰম্ভ কৰে । ২০১৯ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱস উদযাপনত অনুমোদন জনায় । চাহ বুলি ক'লে অসমৰ চাহৰ বিশ্বৰ চাহ প্ৰিয় ব্যক্তিসকলৰ মাজত এক বিশেষ চিনাকী আছে ।
অসমৰ চাহৰ গুণগত মানদণ্ড বিশ্বৰ চাহপ্ৰেমী লোকসকলৰ মাজত উন্নতমানণ্ডৰ বুলি সুনাম আছে । ১৮৩৫ চনত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ উদ্যোগ স্থাপন কৰিবলৈ দায়িত্ব প্ৰদান কৰে । ১৮৩৬ চনত তেওঁ বৃটিছ সৈন্য বাহিনীৰ পৰা অব্যাহতি লয় আৰু তেওঁক অসমৰ চাহ বাগিচা সমূহৰ পৰিদৰ্শক নিযুক্ত কৰা হয়।প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চীনা চাহৰ বাগিচা পাতি পৰীক্ষামূলকভাৱে খেতি কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু অসমত চীনা চাহৰ লগত স্থানীয় চাহৰ পৰাগযোগ ঘটাত এই পৰীক্ষা বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । সেইসময়ত শদিয়াত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছৰ নিজা প্ৰচেষ্টাত গঢ় লৈ উঠা স্থানীয় চাহৰ পুলিবাৰী দেখি সকলোৱে অভিভূত হৈছিল ।
১৮৩৬ চনত তেওঁ বৰ্তমান ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাত প্ৰথমবাৰৰ বাবে চাহ নিজে উৎপাদন কৰে । চাহৰ নমুনা দিল্লীৰ চাহ কমিটিলৈ প্ৰেৰণ কৰে । লৰ্ড অকলেণ্ডে তেওঁৰ চাহৰ নমুনাৰ অনুমোদন কৰে। তেওঁ লগতে ব্যক্ত কৰে যে ব্ৰুছৰ চাহৰ নমুনা চাহ বিশেষজ্ঞ সকলে "উৎকৃষ্ট মান"ৰ বুলি উল্লেখ কৰিছে । ১৮৩৭ চনলৈ আলেকজেণ্ডাৰ ব্ৰুছে চাহ কমিটিলৈ এক বুজন পৰিমাণৰ চাহ পঠিয়াবলগীয়া হৈছিল। ইয়াত স্থানীয় চাহৰ ৪৬ টা বাকচ আছিল । এই বাকচসমূহৰ আঠটা বাকচৰ ওজন ৩৫০ পাউণ্ড আছিল। এই আঠটা বাকচ ১৮৩৯ চনৰ ১০ জানুৱাৰীত লণ্ডনত নিলামৰ বাবে প্ৰেৰণ কৰা হৈছিল।
১৮৩৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰ অসমৰ চাবুৱাত চাহ খেতি আৰম্ভ কৰে। চাহৰ পৰা "চা" , "বোৱা" মানে ৰূপণ কৰা ৷ ইয়াৰ পৰাই পিছলৈ হয়গৈ "চাবুৱা" । আৰু এই নামেৰেই ঠাইখনৰ নামাকৰণ চাবুৱা হৈছে। অসমৰ প্ৰথমখন চাহ বাগিছা হৈছে - “চাবুৱা চাহ বাগিছা" । অসমৰ চাহ উদ্যোগে ২০০ বছৰজুৰি বিশ্বৰ দৰবাৰত অসমৰ ঐতিহ্য আৰু গৰিমাৰ সাক্ষ্য বহন কৰি আহিছে৷ডিব্ৰুগড়ৰ কেইখনমান চাহবাগিচাই এক কেজি চাহপাতৰ মূল্য ১ লাখ পৰা ১.৫ লাখ টকা পৰ্যন্ত মূল্য পাবলৈ সক্ষম হৈছে ।
ই চাহ উদ্যোগটোৰ বাবে গৌৰৱৰ বিষয়।এই চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক বুনিয়াদ সৱল কৰাৰ লগতে সহস্ৰাধিক চাহ শ্ৰমিকক আত্মনিৰ্ভৰশীল কৰি তুলিছে৷ এইদৰে অসমৰ চাহে অসমৰ স্বাভিমান আৰু পৰিচয়ৰ বাহক হিচাপে চাহ উদ্যোগটো সৰ্বত্ৰে সমাদৃত হৈ আছে ।

Tags:
International