ৰাজ্য কঁপোৱা জোনমণি ৰাভাৰ মৃত্যুৱে এতিয়া জোকাৰিছে আৰক্ষী বিভাগৰ ভিতৰচ'ৰা। জোনমণিৰ মৃত্যুৰ পিছতে নগাওঁ আৰক্ষীৰ কনিষ্টবল পদৰ অৰ্ধশতাধিক কৰ্মীক ৰদ-বদল কৰাৰ পিছত শনিবাৰে ৰাজ্যৰ তিনি জিলাৰ অতিৰিক্ত আৰক্ষী পদত থকা বিষয়াক ৰদ-বদল কৰাতাৰ পিছতে শনিবাৰে নিশাই ৮৩ গৰাকী উপ-পৰিদৰ্শকৰ ৰদ-বদল কৰাৰ বাতৰিয়ে এতিয়া আৰক্ষীৰ ভিতৰচ'ৰাত যে জোনমণি কাণ্ডই জোকাৰিছে তাৰেই ইংগিত বহন কৰিলে ৷ হৈছিল।
ইয়াৰ পিছতে শনিবাৰে নিশা অসম আৰক্ষীৰ বিভিন্ন প্ৰান্তৰ ৮৩ গৰাকী উপ-পৰিদৰ্শকক ৰদ-বদল কৰাৰ নিদেৰ্শনা জাৰি কৰিলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে। উল্লেখ্য যে শনিবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত অসম আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান জি পি সিঙে তিনি বছৰ ধৰি একে স্থানতে থকা আৰক্ষী বিষয়াৰ ৰদ-বদল কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল ৷
