২০০০ টকীয়া নোট বেংকত বিনিময় বা জমা কৰাৰ সময়ত কিবা প্ৰ-পত্ৰ বা শ্লিপৰ প্ৰয়োজন হ’ব নেকি? এই জল্পনা-কল্পনাৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী বেংকিং সংস্থা SBI য়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নিৰ্দেশ জাৰি কৰি কয় যে ২০০০ টকীয়া নোট বাতিল কৰা হৈছে যিসকলৰ হাতত এই নোট আছে, তেওঁলোকে ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেংকলৈ গৈ সলনি কৰিব লাগিব। ২৩ মে’ৰ পৰা আৰম্ভ হ’ব ২০০০ টকাৰ নোট বিনিময় কৰিবলৈ বেংকলৈ যোৱাৰ প্ৰক্ৰিয়া। প্ৰয়োজন হ’লে ভাৰ্তীয় ৰিজাৰ্ভ বেংকে এই সময়সীমা ৩০ ছেপ্টেম্বৰ বৃদ্ধি কৰিব পাৰে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।
RBIয়ে জনাইছিল যে এজন ব্যক্তিয়ে এটা সময়ত ২০০০ টকীয়া নোট অৰ্থাৎ মুঠ ২০ হাজাৰ টকাৰ নোট সলনি কৰিব পাৰিব। এই নোট বিনিময়ৰ বাবে কোনো ব্যক্তি কোনো বিশেষ বেংকৰ গ্ৰাহক হোৱাটো প্ৰয়োজনীয় নহয়। এজন নন-একাউণ্টধাৰীয়েও যিকোনো বেংকৰ যিকোনো শাখালৈ গৈ ২০ হাজাৰ টকাৰ সীমালৈকে ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব। কিন্তু, RBIৰ এই ঘোষণাৰ পাছতো জনমানসত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । ছ’চিয়েল মিডিয়াত কিছুমান ভুৱা তথ্য প্ৰচাৰ হোৱাৰ বাবেও সাধাৰণ মানুহ বিমোৰত পৰিছে।এই বিভ্ৰান্তি অনতিপলমে দূৰ কৰিবলৈ ২০০০ টকীয়া নোট বিনিময় সন্দৰ্ভত SBIয়ে গাইডলাইন জাৰি কৰিছে। গাইডলাইনত স্পষ্টকৈ উল্লেখ আছে যে ২০০০ টকা বা মুঠ ২০ হাজাৰ টকাৰ নোট এটা সময়ত বিনিময় কৰিবলৈ কোনো প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰয়োজন নাই। কোনো পৰিচয় পত্ৰও দেখুৱাব নালাগে। SBIয়ে জাৰি কৰা গাইডলাইনত বিভিন্ন শাখাৰ পৰিচালকসকলক নোট বিনিময় প্ৰক্ৰিয়াটো সহজ আৰু ক্ষীপ্ৰতাৰে কৰিবলৈ ঘোষণা কৰা নিৰ্দেশনা মানি চলিবলৈ জাননি দিয়া হৈছে।সাধাৰণ লোকে নোট বিনিময়ৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে বুলিও স্পষ্ট কৰি দিছে ৰিজাৰ্ভ বেংকে। নোট বিনিময়ৰ সময়ত যিকোনো সমস্যাৰ সন্মুখীন হ’ব পৰা জ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক বিশেষ গুৰুত্ব দিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে। যোৱা ৪ বছৰে ২০০০ টকীয়া নোট ছপা হোৱা নাই। ২০০০ টকীয়া নোটৰ ছপা খোদ ২০১৮-১৯ বৰ্ষত বন্ধ হৈ পৰিছিল। তেতিয়াৰ পৰা ইয়াৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পাইছে। বৰ্তমানৰ মুদ্ৰাৰ নোটৰ মাত্ৰ ১০ শতাংশহে ২০০০ টকীয়া নোট। ২০১৮ চনৰ মাৰ্চ মাহত ই ৩১ শতাংশৰ ওচৰ চাপিছিল। বিমুদ্ৰাকৰণৰ পিছত বজাৰত নগদ ধনৰ নাটনি পূৰণৰ বাবে ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হয়। প্ৰথম অৱস্থাত মানুহে ব্যৱহাৰ কৰিছিল যদিও লাহে লাহে ২০০০ চনৰ নোটখন বজাৰৰ পৰা প্ৰায় নোহোৱা হৈ গ’ল।
Tags:
National
