কন্যাৰ আকস্মিক মৃত্যুত কোন্দোনত ভাঙি পৰিছে এগৰাকী অসহায় মাতৃ। SI জোনমণি ৰাভাৰ মৃত্যুক আজি পৰ্যন্ত মানি ল’ব পৰা নাই মাতৃয়ে। জীৱিত অৱস্থাত নিজ কন্যাক মাতৃয়ে ঘূৰাই বিচাৰিছে।
নগাওঁ আৰক্ষীৰ ওপৰত আস্থা নাই মাতৃৰ। জোনমণি ৰাভাৰ মৃত্যুক লৈ তেওঁ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।মুখ্যমন্ত্ৰীক হাতযোৰ কৰি SI জোনমণি ৰাভাৰ মাতৃয়ে কৰুণ বিননি কৰে। তেওঁ আৰক্ষীক প্ৰশ্ন কৰি কয় যে, ‘‘লীনা দলে আজিলৈ কিয় গ্ৰেপ্তাৰ হোৱা নাই? বদলি কৰাটো শাস্তি হ’ব পাৰে জানো? মোৰ পৰা জব্দ কৰা ধন কিয় ঘূৰাই দিয়া নাই?’’একমাত্ৰ উপাৰ্জনকাৰী কন্যাৰ মৃত্যু হোৱাৰ পিছত পৰিয়াল কেনেকৈ চলাম বুলি প্ৰশ্ন কৰি জোনমণিৰ দৰমহা অথবা পেঞ্চনৰ নামত পাবলগীয়া ধন মুকলি কৰি দিবলৈ মাতৃয়ে আহ্বান জনায়। চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈ পৰিয়ালৰ খবৰ নোকোৱাকলৈও মাতৃয়ে ক্ষোভ প্ৰকাশ কৰে।
জোনমণিৰ মৃত্যুক লৈ মাতৃৰ সন্দেহ যে তাইক হত্যা কৰা হৈছিল। এই বিষয়ে মৃত্যুৰ কবৰ পোৱাৰ পৰাই মাতৃয়ে অভিযোগ কৰি আঙিছএ। ইয়াৰ পিছত জোনমণিৰ মৃত্যুৰ লগত জড়িত বহুতো তথ্য পোহৰলৈ আহিছে। অৱশ্যে SI জোনমণি ৰাভাৰ মৃত্যু হত্যা আছিল নে আত্মহত্যা নে দুৰ্ঘটনা সেইয়া এতিয়াও স্পষ্ট হোৱা নাই। বৰ্তমান এই সন্দৰ্ভত উচিত তদন্তৰ বাবে CBIক দায়িত্ব অৰ্পন কৰা হৈছে।
