মাতৃ সংগীতা দত্তৰ নাম শুনিলেই গা শিহৰিত হৈ উঠে ডাক্তৰ দম্পতীৰ নিৰ্যাতিত কণমানি সন্তানৰ। –এই কথা জানিবলৈ দিছে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ জিতুল দত্তই।
দত্তই দুয়োটা শিশুৱে সম্প্ৰতি গাত বাকী থকা সামৰ্থ্য অনুসৰি খেল–ধেমালি কৰি আছে বুলি জানিবলৈ দি কয়– ''শিশু দুটিৰ সন্মুখত তেওঁলোকৰ মাতৃৰ নাম লোৱাৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰোঁ যদিও যদি কেনেবাকৈ বাহিৰত কোনোৱে সংগীতা দত্ত (Dr. Sangeeta Dutta)ৰ নাম উচ্চাৰণ কৰা শুনে, তেন্তে তেওঁলোকৰ গা জিকাৰ খাই উঠে।''
পাশৱিক নিৰ্যাতনৰ আন এক উদাহৰণ দাঙি ধৰি দত্তই প্ৰত্যক্ষ কৰা এটা দৃশ্যৰ বৰ্ণনা কৰে এনেদৰে– ''এটা পুতলা দেখি কণমানি কন্যা সন্তানটিয়ে পুতলাটো হাতত লৈ চাৰিওফালে ঘূৰাই চাই আমাক সোধে– ইয়াক চাগে মাকে নামাৰে ন? কণমানিটোৱে পুতলাটোৰ শৰীৰত কোনো দাগ প্ৰত্যক্ষ নকৰাৰ বাবে এনেদৰে সোধে।''
শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষগৰাকীয়ে ২০০১ চনৰ পৰা শিশুৰ হকে কাম কৰি আছে যদিও এনেধৰণৰ নৃশংস ঘটনাৰ সন্মুখীন জীৱনত প্ৰথমবাৰৰ বাবে হোৱা বুলি প্ৰকাশ কৰে। তেওঁ গভীৰ উদ্বেগেৰে কয় যে দুয়োটি শিশুৰ দেহতে কম–বেছি পৰিমাণে অবৰ্ণনীয় অত্যাচাৰৰ চিন প্ৰত্যক্ষ কৰা গৈছে। এইক্ষেত্ৰত তেওঁ উচিত তদন্তৰ পোষকতা কৰে।
