গোলাঘাটৰ চিলনীজানৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩জনৰ মৃত্যু



 গোলাঘাটৰ চিলনীজানৰ কাষৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাছৰ সন্মুখভাগ বিধ্বস্ত হোৱাৰ লগতে বাগৰি পৰে ট্ৰাক।


দুৰ্ঘটনাত ৩গৰাকী লোক থিতাতে মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক আহত হয়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে উদ্ধাৰকাৰ্য আৰম্ভ কৰাৰ লগতে হাস্পতাললৈ আহতসকলক নিয়াৰ ব্যৱস্থা কৰা হয়। হতাহতিৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সংবাদ সূত্ৰই।


Post a Comment

Previous Post Next Post