শিশু নিৰ্যাতন কাণ্ডক লৈ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আজি সংগীতা দত্তৰ আন এগৰাকী ব্যক্তিগত সহায়িকাক বিচাৰি আৰক্ষীয়ে অভিযান চলায়। কিন্তু সহায়িকাগৰাকীয়ে আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে।
সহায়িকাগৰাকী পলাতক অৱস্থাত থকাৰ বাবে তেওঁৰ ভাতৃ অভিজিৎ বসুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে বসুৱে ফোনযোগে জ্যেষ্ঠ ভগ্নীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা বসুৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰিছে ১২০ (বি) ধাৰা।
