‘মা’ প্ৰতিজন মানুহৰ জীৱনৰ এক অমূল্য, অতুলনীয়, মৰমৰ ব্যক্তি। মাতৃৰ অবিহনে এটা ঘৰ, মানুহৰ জীৱন আধৰুৱা। মাতৃৰ মৰম, স্নেহ, তেওঁৰ কষ্ট, ত্যাগৰ সমান আন কোনো লোকৰ মৰম হ’ব নোৱাৰে। মাতৃক সন্মান জনোৱাৰ বাবে প্ৰতিটো দিনেই আমি তেওঁক বিশেষ অনুভৱ কৰোৱাব লাগে। তেওঁ যে আমাৰ জীৱনৰ বাবে কিমান মৰমৰ, কিমান আদৰৰ আৰু তেওঁৰ কষ্ট, সাধনা, মৰমেৰে আমি কিমান ধন্য সেইয়া আমি বিভিন্ন ধৰণৰে মাতৃক কোৱাৰ, দেখুওৱাৰ প্ৰয়োজন। সন্তানৰ অকণমান মৰমে মাকৰ মন সুখী কৰি ৰাখে।
উল্লেখযোগ্য যে, মাতৃসকলৰ সন্মানাৰ্থে, তেওঁলোকক উৎসৰ্গা কৰিবলৈ এটা দিন উদযাপন কৰা হয়। মাতৃ দিৱস হৈছে এনে এক দিন যি সমগ্ৰ বিশ্বতে গুৰুত্বপূৰ্ণ কিয়নো ই মানুহক মাতৃ আৰু অন্যান্য মাতৃসুলভ ব্যক্তিসকলে তেওঁলোকৰ সন্তানক দিয়া নিস্বাৰ্থ মৰম আৰু যত্নক চিনাক্ত আৰু প্ৰশংসা কৰাৰ এক বিশেষ সুযোগ দিয়ে। এই অনুষ্ঠানটোৱে মাতৃসকলক তেওঁলোকৰ সন্তানৰ জীৱনক পথ প্ৰদৰ্শন কৰাত তেওঁলোকৰ নিষ্ঠা আৰু নিস্বাৰ্থতাৰ বাবে সন্মানিত কৰে।
গুগল ডুডলে মাতৃ দিৱস উদযাপনৰ বাবে এটা আকৰ্ষণীয় ডুডল প্ৰস্তুত কৰিছে। গুগলে পশুৰ এটা পৰিয়ালৰ এনিমেটেড মাটিৰ শিল্পকৰ্মৰে এক সুন্দৰ ডুডল নিৰ্মাণ কৰিছে, যি ডুডল শিল্পী চেলিন ইউৱে সৃষ্টি কৰিছে। প্ৰতি বছৰে মাতৃ দিৱস গুগলে মাতৃক সন্মান জনাবলৈ আৰু দিনটো উদযাপন কৰিবলৈ এক বিশেষ ডুডল নিৰ্মাণ কৰে। মাতৃ দিৱসত গুগল ডুডলে মাতৃত্বৰ প্ৰতীক হিচাপে প্ৰতিপালন আৰু যত্নশীল প্ৰকৃতিৰ প্ৰতীক হিচাপে এগৰাকী মাতৃ কুকুৰাক ইয়াৰ হ’বলগীয়া পোৱলীৰ(Eggs)ৰ যত্ন লোৱা দেখুওৱা হৈছে।মাতৃ দিৱস হৈছে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান যিয়ে আমাৰ জীৱনত মাতৃ আৰু মাতৃৰ অপৰিহাৰ্য ভূমিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মাতৃ দিৱস কেইবাখনো দেশত বিশেষভাৱে উদযাপন কৰা হয় যাৰ ভিতৰত আছে আমেৰিকা যুক্তৰাজ্য, কানাডা, অষ্ট্ৰেলিয়া আৰু ভাৰত। এইটো আমাৰ জীৱনত স্থায়ী প্ৰভাৱ পেলোৱা মাতৃৰ প্ৰতি আমাৰ প্ৰশংসা দেখুওৱাৰ সময়। অসমীয়া সমাজ ব্যৱস্থাতো প্ৰতিদিনেই মাতৃৰ মৰম, ত্যাগ, পৰিশ্ৰম সকলোখিনিকেই বিশেষভাৱে সন্মান জনোৱা হয়। সন্তানৰ জীৱনত মাতৃৰ মৰম, স্নেহ বুজাবলৈয়েইতো কোৱা হয়- "আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন"। মাতৃ দিৱসৰ এই পবিত্ৰ ক্ষণত বিশ্বৰ প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা নিবেদন কৰিলো। "মা তুমি অনন্যা"
