ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত চালক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজনক মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।
ঘটনাৰ বিৱৰণী অনুসৰি, পুৱা ধুবুৰী ভাঙাৰপাৰ গুৰুটেগবাহাদুৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে হুণ্ডাই ইয়োন বাহন।
ফলত থিতাতে মৃত্যু হয় চালক বাপন সাহা আৰু গুৰুতৰভাৱে আহত অৱস্থাত মিঠুন সাহাক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই ইয়োন বাহনখনৰ নম্বৰ AS17D 6073। ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখে আহি আছিল বাহনখন। নিহত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ নিয়া হয়।
