২৩ বছৰীয়া স্নাতক সম্পূৰ্ণ কৰা এগৰাকী ছাত্ৰী। নাম যশোদা ছেত্ৰী। মহানগৰীৰ ২নং কেন্দুগুৰিৰ শ্মশান বস্তিত বাস কৰা প্ৰয়াত ৰাজু ছেত্ৰীৰ কন্যা এইগৰাকী। ২০১৯ চনৰ গুৱাহাটীৰ বানপানীত প্ৰাণ হেৰুওৱা প্ৰয়াত ৰাজু ছেত্ৰীৰ এইগৰাকী ছোৱালী যশোদা ছেত্ৰীয়ে গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতেই দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিয়াৰ উদ্দেশ্য মাকৰ লগতে ছাত্ৰীগৰাকীয়েও ব্যক্তিগত কোম্পানীত কাম কৰিছিল।
কিন্তু হঠাৎ প্ৰায় ডেৰ মাহ মান আগত ছাত্ৰীগৰাকী কিছু অসুস্থ হোৱাত চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰীগৰাকীৰ দুয়োটি বৃক্ক বিকল হোৱা বুলি উল্লেখ কৰি অতিশীঘ্ৰে বৃক্ক সংস্থাপন কৰাৰো পৰামৰ্শ দিয়ে।
ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোৰ মাতৃয়ে জীয়ৰীৰ বাবে নিজৰ এটি বৃক্ক দান দিবলৈ সাজু হৈছে। কিন্তু এই বৃক্কটো সংস্থাপনৰ বাবে পৰিয়ালটোক এতিয়া প্ৰয়োজন বহু অৰ্থৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাইজক ছাত্ৰীগৰাকীৰ বৃক্ক সংস্থাপনৰ বাবে অলপ আৰ্থিক সহায়ৰ বাবে কাতৰ আহ্বান ছাত্ৰী গৰাকীৰ লগতে মাতৃৰ। সহায়ৰ বাবে Account No.13720110074749IFSC code, : UCBA0001372Phone number.
