ঘোষণা কৰা হ'ল কৰ্ণাটক বিধানসভা নিৰ্বাচন ২০২৩ৰ ২২৪খন আসনৰ আটাইকেইখন আসনৰ ফলাফল। এই ফলাফলত কংগ্ৰেছ দল একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল হিচাপে আত্মপ্ৰকাশ কৰিলে। এই নিৰ্বাচনত কংগ্ৰেছ দলে ১৩৬খন আসন লাভ কৰে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ ২৩খন আসন বেছি। আনহাতে, বিজেপিয়ে ৬৫খন আসন লাভ কৰে। একেদৰে JDS এ ১৯ খন আসন দখল কৰাৰ লগতে অন্যান্য দলে ৪ খন আসন দখল কৰে। এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাই নহয়, বিশাল সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এই নিৰ্বাচনত কংগ্ৰেছে ৪৩ শতাংশ ভোট লাভ কৰিছে, যিটো বিগত বিধানসভা নিৰ্বাচনতকৈ ৫ শতাংশ বেছি। বিজেপিয়ে ৩৫.৯ শতাংশ আৰু জেডিএছে ১৩.৩১ শতাংশ ভোট লাভ কৰে। উল্লেখযোগ্য যে কৰ্ণাটকৰ ইতিহাসৰ বিগত ৩৪ বছৰত কোনো দলৰ এইটোৱেই সৰ্ববৃহৎ জয়।
স্বৰাজ ইণ্ডিয়াৰ সভাপতি যোগেন্দ্ৰ যাদৱে কয় যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এইবাৰ কংগ্ৰেছৰ ভোট ৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ১৯৮৯ চনত কংগ্ৰেছ দলে ১৭৮খন আসন লাভ কৰিছিল আৰু ভোটৰ হাৰ আছিল ৪৩.৭৬ শতাংশ। ১৯৯৪ চনত জেডিএছে ৩৩.৫৪ শতাংশ আসন লাভ কৰি ১১৫খন আসন লাভ কৰিছিল। ১৯৯৯ চনত কংগ্ৰেছে ৪০.৮৪ শতাংশ আসন লৈ ১৩২খন আসন আনিছিল। একেদৰে ২০০৪ চনত য়েডিয়েৰাপ্পাৰ নেতৃত্বত বিজেপিয়ে প্ৰথমবাৰৰ বাবে ২৮.৩৩ শতাংশ আসন লাভ কৰি ৭৯খন আসন আনিছিল।
