কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সফলতাৰ পিছত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দেওবাৰে জয়ী হোৱা বিধায়কসকলৰ সৈতে এখন বৈঠক আয়োজন কৰিছে। কংগ্ৰেছৰ এই বৃহৎ সফলতাৰ পিছতো মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ এতিয়াও গুণা-গথা চলি আছে। এতিয়ালৈকে পোৱা খবৰ অনুসৰি কৰ্ণাটকৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চিদ্দাৰমাইয়াৰ কিছু সম্ভাৱনা আছে। আনহাতে, ডি কে শিৱকুমাৰৰ নামো আহি আছে। অৱশ্যে কংগ্ৰেছ শিবিৰৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে একো কোৱা হোৱা নাই।
সূত্ৰৰ পৰা জানিব পৰা মতে, মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত চিদ্দাৰমাইয়া বহু আগবাঢ়ি আছে। তাৰ লগতে তিনিজন উপ-মুখ্যমন্ত্ৰীও থাকিব পাৰে। এজন উপ-মুখ্যমন্ত্ৰী লিংগায়ত সম্প্ৰদায়ৰ হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে একো স্পষ্ট হোৱা নাই। সকলোৰে চকু দেওবাৰৰ বৈঠকত। কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ী বিধায়িনী দলৰ বৈঠকৰ অন্তত বিধায়কসকলৰ মতামত আৰু হাইকমাণ্ডৰ অনুমোদনৰ পিছতহে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ’ব।
বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ পৰাই আগবাঢ়ি আছিল কংগ্ৰেছ। বহু পিছ পৰি আছিল বিজেপি। শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছে ১৩৬খন আসন লাভ কৰিছে। ৬৫খন আসনেৰে বহু পিছ পৰি আছে বিজেপি। জেডিএছত আছে ১৯খন আসন। আন কিছুমানে ৩ খন আসন লাভ কৰে।
ৰাহুল গান্ধীয়ে লগতে কয়, "কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ। এতিয়া প্ৰেমৰ দোকান আৰম্ভ হৈছে। এয়াই সত্যৰ জয়। এয়া কৰ্ণাটকৰ জনসাধাৰণৰ জয়। কৰ্ণাটকৰ সময়ত আমি ৰাইজক ৫টা প্ৰতিশ্ৰুতি দিছিলো।" আমি কেবিনেটৰ প্ৰথমখন বৈঠকত সেই ৫টা প্ৰতিশ্ৰুতি পূৰণ কৰিম। "
