ধুবুৰীৰ বিলাসীপাৰা-বাঙালীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী দুখন বাইকৰ মাজত হয় মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ হৈছে AS17 M5938 আৰু AS17 K8155।
পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ছবুৰ আলী আৰু ইছৰাফুল ইছলাম নামৰ দুজন লোক। ছবুৰ আলীৰ ঘৰ হাজীপাৰা আৰু ইছৰাফুল ইছলামৰ ঘৰ বান্ধৱপাৰাত বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, এই ভয়ংকৰ বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে জোন আলী আৰু ছামিনুৰ ইছলাম নামৰ আন দুজন ব্যক্তি। আহত ব্যক্তি দুজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।
