কেনেকৈ বন্দনাই নৃশংসভাৱে হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক?



 চি জে এম আদালতত দাখিল কৰা হ’ল মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ চাৰ্জশ্বীট। চাৰ্জশ্বীট দাখিল কৰিলে নুনমাটি আৰক্ষীয়ে। চাৰ্জশ্বীটৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ আছে বন্দনা কলিতাই কেনেদৰে নৃশংসভাৱে হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক।


চি জে এম ক’ৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে ৪ মাহৰ ভিতৰত চাৰ্জশ্বীট প্ৰস্তুত কৰি দাখিল কৰে আদালতত। চাৰ্জশ্বীট দাখিলৰ পিছতে নিয়মীয়া শুনানি আৰম্ভ হ’ব আদালতত।

Post a Comment

Previous Post Next Post