শোণিতপুৰৰ বিহালীত মৃত্যুৰ কিৰিলি ৷ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে একেটা পৰিয়ালৰে তিনিগৰাকী যুৱতীয়ে ৷ পৰিয়ালটোৰ তিনিগৰাকী বাই-ভনীৰ দেহত মাজু আইসদৃশ লক্ষণে দেখা দিয়াৰ লগতে অত্যন্ত গাৰ বিষত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱতি ল'লে যুৱতীকেইগৰাকীয়ে ৷
যাক লৈ সম্প্ৰতি সমগ্ৰ বিহালীতে আতংকৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, ১১ মাৰ্চত বিহালীৰ ভীমদংগা গাঁৱৰ নিবাসী বীৰেণ ঘাটোৱাৰৰ ২৭ বছৰীয়া কন্যা ৰঞ্জু ঘাটোৱাৰ আৰু মণিকা ঘাটোৱাৰ (২৫) এক অচিন ৰোগত আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও মৃত্যুক সাৱটি লয় ৷
ইয়াৰ পাচতে দুই যুৱতীৰ শ্ৰাদ্ধৰ কিছুদিন পাচত আনগৰাকী ভগ্নী ১৩ বছৰীয়া লক্ষ্মী ঘাটোৱাৰৰ দেহতো মৃত ভগ্নীদ্বয়ৰ দেহাত দেখা দিয়া অচিন ৰোগৰ লক্ষণে দেখা দিয়ে ৷ সেই ৰোগত আক্ৰান্ত হৈ লক্ষ্মী ঘাটোৱাৰেও দেওবাৰে নিজ গৃহত মৃত্যু হয় ৷ ইফালে শেহতীয়াভাৱে বীৰেণ ঘাটোৱাৰৰ আনগৰাকী কন্যাৰ দেহতো অনুৰূপ লক্ষণে দেখা দিছে ৷
