অৱশেষত যাতায়াতৰ নামত বছৰৰ পিছত বছৰ জীয়াতু ভুগি অহা বিটিচিৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তবাসীৰ যাতায়াতৰ সুবিধাৰ বাবে বিশমুৰি সৰল পাৰা সংযোগী পথৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় । দীৰ্ঘ বছৰ ধৰি ভাৰত ভূটান সীমান্তবাসী ৰাইজে উক্ত পথচোৱা নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰি আহিছিল । তেনে পৰিপ্ৰেক্ষিতত সীমান্তবাসী ৰাইজৰ বাবে শাসকীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত কৰি বিপিএফ দলৰ নেতৃত্বই উল্টাপানীকে ধৰি কিছুমান অঞ্চলত জেচিবি আৰু শ্ৰমিক আদি লৈ পথ নিৰ্মানত নামি পৰাৰ পিছতে বিধায়ক লৰেঞ্চ ইছলাৰী ততাতৈয়াকৈ বিশমুৰিত উপস্থিত হয় আৰু সমাগত বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠাকৈ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্ত সংয়োগী ৩১ নং ৰাষ্ট্ৰীয় পথ বিশমূৰিৰ পৰা সৰলপাৰা হৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানক সংযোগ কৰা বিধ্বস্ত পথ মেৰামতিৰ কাম আৰম্ভ কৰে ।
মঙলবাৰে আবেলি ইমান দিনে মৰণ ফান্দত পৰিণত হোৱা ৪০ কিলোমিটাৰ দৈৰ্ঘৰ বিশমূৰি -সৰলপাৰা সংযোগী গড়কাপ্তানী পথটোৰ সীমান্তবাসী ৰাইজৰ যাতায়াতৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে পথটোৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি সংবাদ মাধ্যমৰ আগত পূৱ জনজাতি কোকৰাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে তেওঁৰ বিধানসভাৰ অধীনস্থ উক্ত ৪০ কিলোমিটাৰ সুদীৰ্ঘ পথচোৱা পুনৰ নিৰ্মাণৰ বাবে তেওঁ বিগত বৰ্ষৰ পৰাই জনগনক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি পথচোৱা পুনঃনিৰ্মাণৰ বাবে প্ৰচেষ্টা চলাই আহিছে বুলি জানিব দিয়ে ।
