জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ একাংশ জনজাতীয় লোকে শৈক্ষিক, অৰ্থনৈতিক আদি বিভিন্ন প্ৰলোভনৰ বলি হৈ এসময়ত ত্যাগ কৰিছিল নিজ ধৰ্ম ৷ খ্ৰীষ্টান ধৰ্মত প্ৰতাৰিত হৈ বছৰ বছৰ পিছত তেওঁলোক পুনৰ ঘুৰি আহিছে নিজৰ পৰিচয় বিচাৰি ৷
অসমত খোপনি পোতা এটা দুষ্টচক্ৰই আৰ্থিকভাৱে দুৰ্বল তথা সহজ সৰল একাংশ জনজাতীয় লোকক টকা-পইচা, সন্তানৰ উচ্চ শিক্ষা, ৰোগীয়া লোকৰ চিকিৎসা, এটা ভাল ঘৰ নিৰ্মাণ কৰি দিয়া আদি বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰিত কৰি আহিছে ৷ধৰ্মান্তৰিত এই লোকসকলক পুনৰ নিজ ধৰ্মলৈ উভতাই আনিবলৈ ২০১৮ চনৰ পৰাই প্ৰয়াস চলাই আহিছে সদৌ হিন্দু ধৰ্ম সুৰক্ষা সমিতিয়ে ৷ তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে জাগীৰোডৰ ৰৌমাৰীত অনুষ্ঠিত হোৱা ধৰ্মীয় সভা আৰু উদ্ধাৰ পৰ্ব অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ মুঠ ১৬ টা পৰিয়ালৰ প্ৰায় ১০০ গৰাকী সদস্যই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ ঘুৰি আহে নিজ ধৰ্মলৈ ৷
পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু পূজা-অৰ্চনাৰ মাজেৰে এইসকল ধৰ্মান্তৰিত লোকক আদৰি লয় সদৌ হিন্দু ধৰ্ম সুৰক্ষা সমিতিয়ে ৷ উক্ত অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, সদৌ হিন্দু ধৰ্ম সুৰক্ষা সমিতিৰ উপদেষ্টা বিলেশ্বৰ পোমা, অনিল পোমা, ৰুদ্ৰ ছেত্ৰী, সভাপতি নাৰায়ণ কুমাৰ ৰাডু কাকতি, কাৰ্যকৰী সভাপতি ডেনি আমচং, সাধাৰণ সম্পাদক বিপন আমচং, যুটীয়া সম্পাদক ক্লিনটন পোমা, তিৱা স্বায়ত্ব পৰিষদৰ মনোনীত সদস্য খগেন দাস, তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মণিৰাম পাটৰ বিজেপি জাগীৰোড মণ্ডলৰ সভাপতি প্ৰবীন ডেকা, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা, দেওশাল গাঁও পঞ্চায়তৰ সভানেত্ৰী সুশীলা বড়ো আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি আগন্তুক দিনত বিভিন্ন প্ৰলোভনৰ জালত পৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা তিৱা, কাৰ্বি, বড়ো, নেপালী আদি জনগোষ্ঠীয় লোকসকলক পৰ্যায়ক্ৰমে নিজ নিজ ধৰ্মলৈ ঘুৰাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলি মত প্ৰকাশ কৰে ৷
উল্লেখ্য যে, মেঘালয়ত বসবাস কৰা বহুসংখ্যক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা জনজাতীয় লোকে অতি শীঘ্ৰেই পুনৰ নিজ ধৰ্মলৈ ঘূৰি অহাৰ বাবে সদৌ হিন্দু ধৰ্ম সুৰক্ষা সমিতিৰ সৈতে যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷
