এসময়ত এই ঠাইত কেৱল বালি আছিল, আজি এইখন এখন বৃহৎ অৰণ্য...


 

যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা দশক জুৰি তেওঁ গছপুলি ৰোপণ কৰি এক সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিলে ।পদ্মশ্ৰী বঁটাৰে সন্মানিত এই বিশেষ ব্যক্তিজনৰ নাম যাদৱ পায়েং । বিশ্বত তেওঁ ‘forest man of india’ নামেৰে পৰিচিত । তেখেতৰ উপনাম মুলাই ।


৫৫০ হেক্টৰ অঞ্চলজুৰি থকা অৰণ্যখন তেওঁৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে । যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা দশকজুৰি তেওঁ গছপুলি ৰোপণ কৰি এক সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিলে । মুলাই অৰণ্যতে তেওঁ এটা ঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে বাস কৰে ।তেওঁ এই পৰ্যন্ত ৪ কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে । এই অৰণ্যখন প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব সম্পূৰ্ণৰূপে কেৱল তেওঁলৈ যায় । ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি এই বনাঞ্চলত কেইবাটাও ঢ়েকীয়াপতীয়া বাঘ, শতাধিক হৰিণা পহু, বন-গাহৰি আদি জন্তুৰ উপৰি শগুণ আৰু পৰিভ্ৰমী চৰায়ে বাস কৰি আছে ।

লগতে বহু উদ্ভিদ যেনে অৰ্জুন, কৰৈ, শিমলু, এজাৰ বগৰী, গমাৰি,সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান । ২০১২ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰে । সেই বৰ্ষতে উইলিয়াম ডগলাছ মেক্ মাষ্টাৰ নামৰ এজন কানাডিয়ান ফটোগ্ৰাফাৰে নিৰ্মাণ কৰিছিল এখন তথ্যচিত্ৰ 'দ্য ফৰেষ্ট মেন' ৷

২০১৩ চনত সেই তথ্যচিত্ৰখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে ৷ ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় । ২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় । পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী এলিজাবেথে তেওঁক এই স্বীকৃতি প্ৰদান কৰে । ২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ 'আজটেকা নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তি স্বাক্ষৰ কৰে ।

এই চুক্তি অনুসৰি তেওঁৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লয় । ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে । আমেৰিকাতো ষষ্ঠ শ্ৰেণীৰ পাঠক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে যাদৱ পাঙেৰ জীৱন কাহিনী ৷ অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকী নাম ।

২০১৯ চনৰ ১৫ মাৰ্চত যাদৱ পায়েঙৰ জীৱনৰ ওপৰত আধাৰিত এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ 'The Boy who grew a forest: The True Story of Jadav Payeng' কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয় । তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান।আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কৈছিল যে, ইয়াত পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে । পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব ।

১৯৭৯ চনত এই অঞ্চলত সম্পূৰ্ণ বালি আছিল ৷ তেওঁৰ ষোল্ল বছৰ বয়সত বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু মনত দুখ পায় । পাছত এটা সময়ত সেই সাপবোৰ গৰমৰ প্ৰকোপত বালিতে মৰি গৈছিল ৷ তেতিয়া তেওঁ দেখিছিল যে গৰমৰ উষ্ণতাত জীৱ-জন্তুৰ লগতে মানুহবোৰো পানীত নামি গৈছিল ৷ খাদ্য আৰু ছাঁ নোহোৱাকৈ ইয়াত ৰ’দত কষ্ট পাই মৃত্যু হৈছিল । যাদৱ পায়েঙে এই দৃশ্যটো নিজ চকুৰে দেখি বৰ দুখ পাইছিল । সেই দ্বীপত যদি হাবি বা গছ থাকিলহেঁতেন তেন্তে হয়তো তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিলহেঁতেন ।

এই ঘটনাটো যেন তেওঁৰ হৃদয়ত ৰৈ গল। তেতিয়া তেওঁ তাত প্ৰায় ২০ জোপা গছ আৰু বাঁহৰ গছপুলি ৰোপণ কৰিছিল । ১৯৮০চনত গোলাঘাট জিলাৰ বনবিভাগে ককিলামুখৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনিগ্ৰহণ কৰে । পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত যাদৱ পায়েঙ আছিল এজন কৰ্মী ।

প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও তেওঁ অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতাৰ কাম আৰম্ভ কৰে । ১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে । যোৱা কেইটামান বছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে ।

Post a Comment

Previous Post Next Post