কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাই ?


 

লক্ষীমপুৰত নকল সোণ, নকল টকাৰ ঘটনা নতুন নহয ৷ সময়ে সময়ে বহু লোক প্ৰৱঞ্চনা, প্ৰতাৰণাৰ বলি হৈ আহিছে এই নকল সোণ, নকল নোটক লৈ ৷ যি ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছে গোচৰ ৷ আৰু এই গোচৰৰ ভিত্তিত সময়ে সময়ে এজন বা দুজন অপৰাধী লোক গ্ৰেপ্তাৰ নোহোৱা নহয় ৷ যদিওৱা সমগ্ৰ ঘটনাক একলগ কৰি আজিলৈ হোৱা নাই এটা উচ্চস্তৰীয় তদন্ত ৷ যাৰবাবে সময়ে সময়ে অসাধু চক্ৰটোৰ নকল সোণ, নকল টকাৰ প্ৰৱঞ্চনা, প্ৰতাৰণাৰ বলি হৈ আহিছে বহুলোক ৷ দুৰ্ভাগ্যজনক ভাৱে অসাধু চক্ৰটোয়ে এনে সুযোগ সুবিধা লাভ কৰি আহিছে ৷ অৱশ্যে এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে সময়ে সময়ে দুই এগৰাকী জিলা আৰক্ষী অধীক্ষকৰ সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা যায় ৷ যিটো সমগ্ৰ প্ৰৱঞ্চনা প্ৰতাৰণা উদঘাটনৰ বাবে যথেষ্ট নহয় ৷ 


পিছে, দীৰ্ঘদিনে চলি থকা এই কুচক্ৰটোৰ বিৰুদ্ধে যদি অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰিলে হেতেন ৷ তেতিয়া হলে নিশ্চয় আজিৰ এই পৰিবেশ নাথকিলহেতেন ৷ যি সকলে মূৰ দাঙি উঠিছে তেওলোক নিশ্চয় পূৰ্বে ঘূৰি শিপাই উভালি দিব পৰা হলহেতেন ৷ যদি এয়াই হলহেতেনে তেতিয়া নিশ্চয় জোনমণি ৰাভাৰ দৰে আৰক্ষী বিষয়াৰ এনে ঘটনাত মৃত্যু নহ'লহেতেন ৷ কিন্তু সেয়া নহ'ল সময়ে সময়ে সুযোগ সুবিধা লাভ কৰি অহা বৃহৎ গেংটো এতিয়া আৰক্ষীৰ প্ৰত্যাহ্বানৰ কাৰণ হৈ থিয় দিছে ৷ এতিয়া প্ৰশ্ন হৈছে আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰা এই তদন্তই প্ৰকৃততে নিশেষ কৰিবলৈ সক্ষম হ'বনে নকল সোণ, টকাৰ প্ৰৱঞ্চক চক্ৰটোক ! সেয়া আৰক্ষীৰ তদন্তৰ পাছতে স্পষ্ট হ'ব ৷

Post a Comment

Previous Post Next Post