দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক প্ৰহাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ'ল শিক্ষক । শিলচৰ ৰংপুৰ ৰাসবিহাৰী চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি সোমবাৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক ইন্দাজ হোছেইন লস্কৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ জিতু সিঙক শ্ৰেণী চলি থকা সময়তে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন ।
ঘটনাটো প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষকে লগে লগে ছাত্ৰজনৰ অভিভাৱকক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে ছাত্ৰগৰাকীৰ মাতৃ আহি বিদ্যালয়ত উপস্থিত হয় আৰু সন্তানটিক শিলচৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় । মঙলবাৰে আহত ছাত্ৰজনৰ অভিভাৱকে ৰংপুৰ থানাত শিক্ষক ইন্দাজ হোছেইন লস্কৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে শিক্ষক ইন্দাজ হোছেইন লস্কৰক গ্ৰেপ্তাৰ কৰে ।
অভিভাৱকৰ অভিযোগ অনুসৰি শিক্ষকজনে কণমানি ছাত্ৰজনক ইমান নিৰ্দয়ভাৱে প্ৰহাৰ কৰে যে ছাত্ৰজন অজ্ঞান হৈ পৰে আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই মঙলবাৰে সন্ধিয়া ইন্দাজ হুছেইন লস্কৰ নামৰ শিক্ষকজনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে ।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, 'শিশু আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আছে । অভিযোগ পোৱাৰ পিছতেই আমি লগে লগে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিলোঁ । অধিক তদন্ত চলি আছে আৰু আমি শিক্ষকজনক জেৰা কৰি আছো ।’ আৰক্ষী অধীক্ষকে জনোৱা মতে, চিকিৎসাৰ অন্তত শিশুটিক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় ।
পৰিয়ালৰ লোকে জনোৱা মতে, শিশুটি এতিয়াও আতংকগ্ৰস্ত হৈ আছে । ইফালে, গ্ৰেপ্তাৰৰ বাহিৰেও শিক্ষকগৰাকী বিভাগীয় ব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে বুলি প্ৰাথমিক শিক্ষা বিভাগৰ সুত্ৰই জানিবলৈ দি কয় যে ইতিমধ্যে বিষয়টোৰ বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে ।
পৰিয়ালৰ লোকে জনোৱা মতে, শিশুটি এতিয়াও আতংকগ্ৰস্ত হৈ আছে । ইফালে, গ্ৰেপ্তাৰৰ বাহিৰেও শিক্ষকগৰাকী বিভাগীয় ব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে বুলি প্ৰাথমিক শিক্ষা বিভাগৰ সুত্ৰই জানিবলৈ দি কয় যে ইতিমধ্যে বিষয়টোৰ বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে ।
