বিজেপিত বিদ্ৰোহ, অদৃশ্য মাউচ লৈ বিদ্ৰোহ মিনিমাইজ বাজপেয়ী ভৱনৰ!


 

সন্মুখত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন৷ এই সময়খিনিতে বিজেপি সন্মুখীন হৈছে দলীয় কাৰ্যকৰ্তাৰ বিদ্ৰোহৰ। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মঙলবাৰে কৈছিল এই বিদ্ৰোহ নিৰ্মূল হ'ব৷ ৰহস্যজনকভাৱে একে ৰাতিতে নলবাৰী, বঙাইগাঁৱৰ বিদ্ৰোহী বিজেপিৰ সলনি হ'ল সুৰ।


বঙাইগাঁও বিজেপিত একনায়কত্ববাদ চলোৱাৰ গুৰুতৰ অভিযোগ আহিছিল জিলাখনৰ সভানেত্ৰী হিমানী অধিকাৰীৰ বিৰুদ্ধে। হিমানী অধিকাৰীৰ লগতে স্বামী ডেনিয়েল দাসে দালালৰাজ চলোৱাৰ অভিযোগেৰে নেতৃত্বলৈ অভিযোগ পত্ৰ দিছিল ১৮গৰাকীকৈ বিষয়ববীয়াই। এই অভিযোগৰ পিছতে বশিষ্ঠৰ বাজপেয়ী ভৱনত হৈছিল সংকটমোচন বৈঠক। তাৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কৈছিল দল এটাত কাজিয়া হয়েই, পিছত সকলো মিলিও যায়৷

মাউচটোৰে এতিয়া মিনিমাইজ কৰিব লাগিব বিদ্ৰোহ৷ "এনেকুৱা হয়েই দলসমূহত। আমি মাউচেৰে এইবোৰ মিনিমাইজ কৰি দিব লাগিব। মেক্সিমাইজ হ'বলৈ দিলে কংগ্ৰেছৰ দৰে হৈ যাব। কাৰোবাৰ ক্ষোভ থাকিব পাৰে, সেয়া সাময়িক৷" —ভৱেশ কলিতাই কয়।ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে লগতে ক'লে, ৰাষ্ট্ৰবাদৰ বাবেহে বিজেপিয়ে কাম কৰিছে, হিন্দুত্বই মূল ইছ্যু। ইয়াৰ পিছতে বঙাইগাঁও বিজেপিয়ে সম্বোধন কৰিলে সংবাদমেল। ক'লে তেওঁলোকে হেনো কৰা নাই পদত্যাগ। লগতে ক'লে নেতৃত্বই জুনৰ ভিতৰত হিমানী অধিকাৰীক আঁতৰোৱাৰ আশ্বাস দিয়াৰ কথা।

একে সময়তে, নলবাৰী বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে আঁতৰ কৰিছে ফেচবুকত দিয়া ক্ষোভ ভৰা বিদ্ৰোহৰ সকলো পোষ্ট। নলবাৰী জিলা বিজেপিৰ সভাপতিক লৈ লিখা  'তালুকদাৰে ডাঙৰীয়াই হেনো..." শীৰ্ষক পোষ্টটোও আঁতৰিল। হয়তো এই দুয়োখন জিলাৰ বিজেপিকে বাজপেয়ী ভৱনে হেঁচা প্ৰয়োগ কৰি সাময়িকভাৱে এই বিদ্ৰোহ দমন কৰিছে। কিন্তু আহি থকা সময়ত দলীয় কাৰ্যকৰ্তাক গুৰুত্ব প্ৰদান নকৰাৰ বাবে আৰু আন জিলাতো যে এনে বিদ্ৰোহৰ জুই নজ্বলিব তাৰ জানো নিশ্চয়তা আছে?

Post a Comment

Previous Post Next Post