প্ৰসৱকক্ষত পৰিণত হ'ল ভোটগ্ৰহণ কেন্দ্ৰ! কৰ্ণাটকৰ ভোটদান কেন্দ্ৰতে সন্তান প্ৰসৱ মহিলাৰ


 

আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকা অৱস্থাতে এটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈ এক অস্বাভাৱিক ঘটনা। কৰ্ণাটকৰ বল্লাৰীৰ কুৰলাগিন্দি গাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰতে ২৩ বছৰীয়া এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে। মহিলা বিষয়া আৰু মহিলা ভোটাৰে তেওঁক সন্তানটো প্ৰসৱ কৰাত সহায় কৰে।


বল্লাৰ জিলাৰ সঞ্জীৱৰায়ণকোটেত সংঘটিত আন এক সুকীয়া ঘটনাত কংগ্ৰেছ আৰু বিজেপিৰ একাংশ কর্মচাৰীৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰো সৃষ্টি হয়৷

Post a Comment

Previous Post Next Post