আশা, হতাশা আৰু NRC– কেলেংকাৰিক লৈ ইখনৰ পিছত সিখন এজাহাৰ থানাত



 ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনটোতে NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ক্ষোভ ভৰা এক ফেচবুক পোষ্ট৷ IAS প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাক লৈ খেদ প্ৰকাশ কৰিছে প্ৰাক্তন সমন্বয়কগৰাকীয়ে৷ ইয়াৰ মাজতে থানাই গোচৰ ৰুজু নকৰিলেও NRCক লৈ গোচৰ ৰুজু অৱশ্যেই হৈছে কামৰূপৰ মুখ্য ন্যায়াধীশৰ আদালতত।


জাতিৰ দলিল NRCক লৈ চৰম বিশ্বাসঘাতকতা কৰা প্ৰাক্তন সমন্বয়ক IAS প্ৰতীক হাজেলাৰ বিৰুদ্ধে এ পি ডব্লিউৰ অভিজিৎ শৰ্মাৰ আবেদনৰ ওপৰত ভিত্তি কৰি ভিজিলেঞ্চ আৰু এণ্টি কৰাপচন বিভাগে প্ৰাৰম্ভিক তদন্ত কৰি চৰকাৰৰ ওচৰত নিয়মীয়া তদন্তৰ অনুৰোধ কৰাৰ দুবছৰ পাৰ হৈ গ'ল যদিও গৃহ বিভাগে দিয়া নাই তদন্তৰ অনুমতি। অভিজিৎ শৰ্মাই প্ৰতীক হাজেলাৰ বিৰুদ্ধে দিয়া এখন এজাহাৰ তদন্ত নোহোৱাকৈয়ে ফাইনেল ৰিপ'ৰ্ট দিয়াৰ বিপৰীতে অন‍্য এখন এজাহাৰ পঞ্জীয়নেই হোৱা নাই।

পঞ্জীয়ন নহ'ল APWৰ এখন এজাহাৰ৷ হিতেশ দেৱ শৰ্মাৰ দুখনকৈ এজাহাৰো হোৱা নাই পঞ্জীয়ন৷ একেদৰে পল্টন বজাৰ থানাত পঞ্জীয়ন নহ'ল লুইত কুমাৰ বৰ্মনৰ এজাহাৰো৷ NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই লগতে অভিযোগ আনিছে, মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো BIEOত পঞ্জীয়ন হোৱা নাই হাজেলাৰ বিৰুদ্ধে গোচৰ৷

হিতেশ দেৱ শৰ্মাই ফেচবুকত লিখিছে, "দুবছৰীয়া শাসনৰ বৃহত্তম বিফলতা। এন আৰ চিৰ পুনৰীক্ষণৰ কথা কৈও আজিলৈকে উচ্চতম ন্যায়ালয়ত দাখিল নহ'ল কোনো শপতনামা। এন আৰ চিৰ ২৬০ কোটি টকাৰ কেলেংকাৰি হোৱাৰ পিছতো চৰকাৰে এখনো এজাহাৰ পঞ্জীয়ন হ'বলৈ দিয়া নাই। মাননীয় মুখ্যমন্ত্ৰীয়ে কিবা ক'বনে?"

ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷

"প্ৰতীক হাজেলাই যদি সঁচাকৈয়ে টকা খাইছে গোচৰ ৰুজু হ'ব লাগে, চাৰ্জশ্বিট হ'ব লাগে, আৰু উচিত শাস্তি হ'ব লাগে৷" ইয়াৰ মাজতে জাতিক ভালপোৱাসকলৰ মনত আশাৰ সঞ্চাৰ ঘটাইছে এটা খবৰে৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে দিয়া গোচৰ CR/155/2023 ৰুজু হৈছে৷ ১৮মে'ত শুনানি আছে এই গোচৰটোৰ৷

Post a Comment

Previous Post Next Post