প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত পাঁচটা ৰাজনৈতিক দল বিজেপি, এআইইউডিএফ, তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু অসম গণ পৰিষদৰ মুঠ ২০০ কৰ্মীয়ে আজি কংগ্ৰেছত যোগদান কৰে । আজিৰ দিনটোতে শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজীৱ ভৱনত এখন বৃহৎ কৰ্মী সভাৰ আয়োজন কৰা হয় । শিলচৰ জিলা বাৰ সন্থাৰ ১২ জন অধিবক্তাইও কংগ্ৰেছত যোগদান কৰে ।
এই সমাৱেশৰ আয়োজন কৰা হৈছিল দলৰ ঐক্য শক্তিশালী কৰাৰ লগতে সমৰ্থন সুদৃঢ় কৰাৰ লক্ষ্যৰে । পিছত এক সংবাদমেলত ভূপেন বৰাই কয় যে বৰাক উপত্যকাত অধিক সমৰ্থন লাভ কৰি নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ কংগ্ৰেছে কছৰৎ কৰিব । তেওঁ কয়, "মই সুখী যে আজি ইমানবোৰ মানুহে কংগ্ৰেছত যোগদান কৰিছে । বিজেপিক লৈ যে ৰাইজৰ মোহভংগ হৈছে সেয়া স্পষ্ট । প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে বিজেপি ।
নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ সমস্যা এতিয়াও সমাধান হোৱা নাই । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা নাই । চৰকাৰে কি কৰিছে ? কয়লা, বাৰ্মিজ চুপাৰি আৰু অন্যান্য ছিণ্ডিকেট চলোৱাত ব্যস্ত বিজেপি ।’ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক কটাক্ষ কৰি তেওঁ কয় যে এই বছৰ অসমৰ আৰু ৩০০খন মাদ্রাছা বন্ধ কৰাৰ পদক্ষেপ লোৱাতকৈ তেওঁ মানুহৰ সমস্যা সমাধানৰ চেষ্টা কৰা উচিত ৷কৰ্ণাটকত কংগ্ৰেছৰ বাবে এক বৃহৎ জয় নিশ্চিত কৰাৰ বাবে কংগ্ৰেছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে ভূপেন বৰাই । তেওঁ কয় যে ৰাজ্যত বিজেপি চৰকাৰ গঠনৰ পাছত ছিণ্ডিকেটৰাজ বৃদ্ধি পাইছে । কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে দলটোৱে দিনে নিশাই কাম কৰিব লগা হৈছে । বিজেপিয়ে কয় কংগ্ৰেছমুক্ত ভাৰত, কিন্তু দেখা গ’ল যে কৰ্ণাটক বিজেপিমুক্ত হৈছে ।
