তিনিচুকীয়া বিজেপি কাৰ্যালয় মুকলি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে নাপালে মঞ্চত স্থান

 


ক্ৰমাৎ যেন বিজেপিত বৃদ্ধি পাইছে অসন্তুষ্টি, দলীয় অন্তৰ্কলহ ৷ এইবাৰ এগৰাকী প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ সভাপতিৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ব্যৱধান পৰিস্ফুত হৈছে ৷ তিনিচুকীয়াৰ এখন দলীয় বৈঠকত মঞ্চত স্থান নাপালে বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে ৷


বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিজেপিৰ কোনো কাৰ্যকৰ্তাৰ অহংকাৰ নাই হোৱা কথাটো প্ৰমান কৰিবলৈ গৈ আক্ৰমণাত্মক হৈছিল প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে ৷ ভৱেশ কলিতাই কৈছিল, "অহংকাৰ কাৰ্যকৰ্তাৰ হোৱা নাই ৷ অহংকাৰ হ'ব পাৰে মন্ত্ৰী ৰঞ্জিত দাসৰহে ৷ যদি হৈছে ৰঞ্জিত দাসৰহে, অহংকাৰ এৰক ৷" এইবাৰ আহিছো ব্যৱধান বঢ়াৰ অন্য এক প্ৰসংগলৈ ৷ বুধবাৰে বিজেপিৰ তিনিচুকীয়া জিলা কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত ঘটিল এটা ঘটনা ৷ মঞ্চত মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতিকে ধৰি আন মন্ত্ৰী বিধায়কো বহি আছে ৷ ইয়াৰ বিপৰীতে মঞ্চৰ সলনি কাৰ্যকৰ্তাৰ মাজত একেবাৰে শেষৰফালে অৱস্থান কৰিব লগীয়া হ'ল মন্ত্ৰী ৰঞ্জিত দাসে ৷ মঞ্চত স্থান নাপালে প্ৰাক্তন সভাপতি, বৰ্তমানৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে ৷ দুবছৰ আগত কাৰ্যালয়টোৰ আধাৰশিলা কৰিছিল ৰঞ্জিত দাসে ৷ যি কাৰ্যালয়ৰ আধাৰশিলা হৈছিল ৰঞ্জিত দাসৰ হাতেৰে সেই ৰঞ্জিত দাসৰ বাবে মঞ্চত নোলাল এটুকুৰা স্থান ৷ হয়তো ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ইয়াৰ পিছত যুক্তি দিব, যে মঞ্চখন সৰু আছিল বা মঞ্চত অকল জিলাখনৰ মন্ত্ৰীৰহে স্থান সুনিশ্চিত আছিল বুলি সেয়াও নহ'ব যুক্তি সংগত ৷ কাৰণ মঞ্চত যদি মন কৰে সকলো আছিল মন্ত্ৰী বিধায়ক, নাছিল মাথো ৰঞ্জিত দাসহে ৷ এই ঘটনাৰ পিছত এটা কথাই স্পষ্ট হ'ল যে ক'ৰবাত সংঘাত যে বৰ্তমানৰ সভাপতি আৰু প্ৰাক্তন সভাপতিৰ মাজত হৈছে সেয়া নিশ্চিত ৷

Post a Comment

Previous Post Next Post