জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগঃ ৪ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ


 

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। ৰূপজ্যোতি কলিতাৰ লগতে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা, নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাকো ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে।


আই পি এছ বিষয়া হৰমিট সিঙে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এই নিৰ্দেশনা দিয়ে আৰু এই নিৰ্দেশনা অনুসৰি ৰিজাৰ্ভ ক্ল'জ কৰা বিষয়াসকলে তৎক্ষণাৎ দায়িত্ব ত্যাগ কৰিব আৰু অসম আৰক্ষী মুখ্য কাৰ্যালয়ত এই বিষয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।

Post a Comment

Previous Post Next Post