ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।মেষ : নিজৰ মনৰ ভিতৰত থকা চিন্তা–ভাৱনা আৰু অনুভূতিবোৰ প্ৰকাশ কৰিব লাগিব। সম্পৰ্ক ভালে ৰাখিবলৈ গ’লে অহংকাৰ ভাৱ বাদ দিব লাগিব।
বৃষ : একঘেয়ামী দূৰ কৰাৰ বাবে নিজৰ দৈনন্দিত কাৰ্যসূচীৰ সালসলনি কৰিব লাগিব। কাৰ্যালয়ত স্বীকৃতি পাব পাৰে। কামৰ চাপ থাকিব।
মিথুন : অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰা সত্ত্বেও নিজৰ প্ৰত্যাশিত আৰ্থিক লক্ষ্যত উপনীত হ’ব নোৱাৰিব। লাহে লাহে আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব।
কৰ্কট : কোনো ভাল খবৰৰ বাবে সাজু থাকিব লাগিব। পজিটিভ এনাৰ্জীক কামত লগাব লাগিব। নতুন ঘৰ কিনাৰ যোগ আছে।
সিংহ : নিজৰ সহজাত প্ৰবৃত্তিৰ ভিত্তিতে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সম্পৰ্ক আৰু সংগীক লৈ উদ্বেগ বাঢ়িব পাৰে।
কন্যা : এনে সুযোগ সুবিধা গ্ৰহণ কৰিব লাগিব, যিয়ে নিজৰ মতে চিন্তা–ভাৱনা কৰাৰ সুযোগ প্ৰদান কৰে। সংগীৰ সৈতে আৰু অধিক সময় কটাবলৈ সক্ষম হ’ব।
তুলা : ইতিবাচক দৃষ্টিভংগীৰ বাবে বিভিন্ন পৰিস্থিতিত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ ফলত দীৰ্ঘম্যাদী উপকাৰ লাভ কৰিব।
ধনু : ঘৰ আৰু কাৰ্যালয়ত সুসংহত পৰিৱেশ গঢ়ি তুলিব পাৰে। যিকোনো মানুহৰ সৈতে নিজৰ বিষয়ে কোনো গোপন তথ্য শ্বেয়াৰ নকৰিব।
মকৰ : প্ৰিয় কোনো মানুহ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। সেয়ে এই পৰিস্থিতিত সহানুভূতিশীল হৈ সেই মানুহৰ ওচৰত থাকিব লাগিব।
কুম্ভ : কাকো এই সময়ত টকা ধাৰলৈ নিদিব। কাৰণ ইয়াৰ ফলত ক্ষতিৰ আশংকা থাকিব পাৰে। কাষৰ মানুহক আনন্দ দিলে ভাগ্যই সহায় কৰিব।
মীন : অপ্ৰয়োজনীয় বস্তুবোৰ জীৱনৰ পৰা আঁতৰ কৰিব লাগে। বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। আপুনি আপোনাৰ সঙ্গীৰ সৈতে অধিক সময় অতিবাহিত কৰিব পাৰিব।
