এটা অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ছ'চিয়েল মিডিয়াত কেইখনমান চৰকাৰী নথি আপলোড কৰি বিধায়ক গগৈয়ে শুকুৰবাৰে লিখিলে— “আগতে নুশুনা, আগতে নেদেখা ভয়ংকৰ কাণ্ড। শুনিছিলোঁ জৰুৰীকালীন সময়ত (১৯৭৫-৭৭ চন) ভাৰতত এনে ঘটনা ঘটিছিল। পুনৰ আৰম্ভ হ’ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। বিজেপি-আৰএছএছৰ শাসন কালত।”
এনেদৰে উল্লেখ কৰি অখিল গগৈয়ে উল্লেখ কৰিলে— “যোৱা কেইদিনমানত অসমৰ বিভিন্ন সংগঠনৰ নেতাসকলক শিৱসাগৰ প্ৰশাসনে মতাই নিছে আৰু অহা এবছৰলৈ আন্দোলন কৰিব নোৱাৰিব বুলি “বণ্ড চাইন” কৰাই লৈছে৷ এতিয়ালৈকে ৫জনক বণ্ড চাইন কৰাইছে। তেওঁলোক হ’ল: (১) চিতু বৰুৱা, ৰাজ্যিক সভাপতি, অসম সংগ্ৰামী সেনা; (২) ৰণ্টু পানীফুকন, ৰাজ্যিক প্ৰধান সচিব, বীৰ লাচিত সেনা; (৩) দেৱজিত দত্ত, ৰাজ্যিক সভাপতি, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ; (৪) প্ৰশান্ত বৰগোহাঁই, জিলা সভাপতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু (৫) অনুপম সন্দিকৈ, জিলাৰ সাধাৰণ সম্পাদক, বীৰ লাচিত সেনা।
ছ'চিয়েল মিডিয়াৰ প'ষ্টটোত বিধায়ক গগৈয়ে পুনৰ এনেদৰে উল্লেখ কৰে— “প্ৰথমে অনুপমক পুলিচে মাতি নিলে। জাননী দিয়া নাই। কাৰ্যবাহী দণ্ডাধীশ জীৱন কৃষ্ণ গোস্বামীৰ সন্মুখত থিয় কৰাই “বণ্ড চাইন” কৰাই ল’লে। তাৰ পাছৰ চাৰিজনক চিআৰপিচি ১০৭ নং ধাৰাত জাননী দি মাতিলে। “বণ্ড চাইন” কৰাই ল’লে। আজি বীৰ লাচিত সেনাৰ প্ৰধান সচিবজনে চহী কৰি আহিলে। তেওঁলোকে মোক জনোৱা মতে, কাৰ্যবাহী দণ্ডাধীশজনে হয় চহী কৰিবলৈ ক’লে, নহ’লে গ্ৰেপ্তাৰ কৰিব বুলি জনালে। আটায়ে চহী কৰি আহিল। তেওঁলোকে জনোৱা মতে, তেওঁলোকক অহা এবছৰলৈ আন্দোলন নকৰিবলৈ আৰু মানুহক আন্দোলনমুখী কৰা ভাষণ নিদিবলৈ চহী কৰোৱা হৈছে। উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন(NSA)ত গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰখা হৈছে। এয়াই বিজেপি-আৰএছএছৰ অসম। ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসম। এয়াই আজিৰ অসম। এয়াই পৰিৱৰ্তন। এয়াই আন্দোলনমুক্ত অসম।
শেষত বিধায়ক গগৈয়ে লিখিছে— “বাক্ স্বাধীনতাহীন অসম এখন আপোনালোকে বিচাৰেনে? সঁচাই বিচাৰেনে গণতান্ত্ৰিক অধিকাৰবিহীন এখন অসম? বিচাৰেনে প্ৰতিবাদহীন এখন ৰাজ্য; ৰাষ্ট্ৰৰ দ্বাৰা য’ত দৈনিক মুক্ত হত্যা সংঘটিত হ’ব, য’ত দৈনিক বস্তুৰ দাম বাঢ়িলেও আপুনি মাতিব নোৱাৰিব, য’ত দৈনিক ৰাজহুৱা সম্পদ পুঁজিপতিক গটাই দিয়া হ’ব, য’ত সন্মুখত অবৈধ ছিণ্ডিকেট চলি থাকিব, কিন্তু তাৰ বিৰুদ্ধে আপুনি মাতিব নোৱাৰিব, য’ত নিতৌ দেশ-জাতি আৰু জনগণৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি থাকিব কিন্তু আপোনাৰ মুখ বন্ধ ৰাখিবলৈ বাধ্য কৰোৱা হ’ব।”
