আপোনাৰ হাতত আছে নেকি ২০০০ টকীয়া নোট?

 


ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাইছে যে এতিয়া ২০০০ টকাৰ বেংক নোট বন্ধ হ'ব। কিন্তু চিন্তাৰ কাৰণ নাই। আপোনাৰ ওচৰত যদি ২০০০ টকাৰ নোট আছে, তেন্তে বেংকলৈ গৈ এই নোটবোৰ সলনি কৰি ল'ব পাৰিব। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিত কয় যে ২০০০ টকীয়া নোটখন প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে যদিও এই বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈকে ইয়াক বৈধ মুদ্ৰা হিচাপেই গণ্য কৰা হ'ব। এই ২০০০ টকীয়া নোট ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰৱৰ্তন কৰা হৈছিল। ২৩ মে’ৰ পৰা বেংকলৈ গৈ আপুনি এই নোট সলনি কৰিব পাৰিব। এটা সময়ত মাত্ৰ ২০ হাজাৰ টকাহে সলনি কৰিব পাৰিব।


২০১৮-১৯ বৰ্ষত ছপা বন্ধ

উল্লেখযোগ্য যে, ২০০০ টকাৰ নোটখন ভাৰতীয় ৰিজাৰ্ভ বেংক আইন ১৯৩৪ৰ ২৪ (১) ধাৰাত অনা হৈছিল। পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ হোৱাৰ পিছত মুদ্ৰাৰ প্ৰয়োজনীয়তাৰ বাবেই এই নোট প্ৰৱৰ্তন কৰা হৈছিল। দ্বিতীয়খন নোট বজাৰত পৰ্যাপ্ত পৰিমাণে অহাৰ পিছত ২০০০ টকা প্ৰৱৰ্তনৰ উদ্দেশ্য সফল নহ'ল। সেয়েহে ২০১৮-১৯ চনৰ ২০০০ টকীয়া নোটৰ ছপা বন্ধ কৰি দিয়া হৈছিল।

বেংকলৈ গৈ সলনি কৰিব পাৰিব আপোনাৰ হাতত থকা ২০০০ টকাৰ নোট

ভাৰতীয় ৰিজাৰ্ভ বেংকে কৈছে যে জনসাধাৰণে এতিয়া তেওঁলোকৰ বেংক একাউণ্টত ২০০০ টকীয়া নোট জমা কৰিব পাৰিব। অথবা এই নোটবোৰ সলনি কৰিবলৈ বেংকলৈও যাব পাৰে। এইবোৰ কোনো বাধা-নিষেধ নোহোৱাকৈ সাধাৰণ পদ্ধতিৰে বেংকত জমা কৰিব পাৰিব।

২৩ মে’ৰ পৰা বেংকত সলনি কৰিব পাৰিব ২০০০ টকাৰ নোট

২০২৩ চনৰ ২৩ মে’ৰ পৰা আপুনি বেংকলৈ গৈ ২০০০ 

Post a Comment

Previous Post Next Post