ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত প্ৰায় তিনি হাজাৰ পৰিয়ালে ব্ৰহ্মপুত্ৰ চাপৰি অঞ্চলত বেদখল কৰি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শীঘ্ৰেই উচ্ছেদ অভিযান চলিব। বেদখলকাৰীসকলক অহা ১৫ মে' ৰ ভিতৰত দখলকৃত ভূমি এৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যান ও ব্যঘ্ৰ প্ৰকল্পত গড় আৰু বাঘৰ ঘনত্ব হিচাপে মাটিকালি কম হোৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৭৯.৭৮ বৰ্গ কিলোমিটাৰ মাটিকালি পৰা
২০০০.০২ বৰ্গ কিলোমিটাৰ বৃদ্ধি কৰি বৰ্তমান ২০৭৯.৮০ বৰ্গ কিলোমিটাৰ মাটিকালি কৰিছে। কিন্তু এই ২০৭৯.৮০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ অন্তৰ্গত দক্ষিণ দিশৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত প্ৰায় তিনি হাজাৰ পৰিয়ালে দখল কৰি আছে।
ইতিমধ্যে এই সমূহ পৰিয়ালক দৰং জিলা আৰু শোণিতপুৰ জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে। ১৫ মে' ৰ ভিতৰত বেদখলকাৰীসকলে যদি দখলকৃত মাটি এৰি নিদিয়ে তেন্তে সেই ঠাইত প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিব বুলি DFO প্রদীপ্ত বৰুৱাই সকীয়ালে।
