এয়া যেন প্ৰাপ্তিৰ বতৰ ! অসম চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তিৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই নলবাৰীৰ পূৱ নামবৰভাগত নিবনুৱা যুৱক-যুৱতীৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা ।
শেহতীয়া ফলাফলত জিলাখনৰ টিহুৰ পূৱ নামবৰভাগৰ গোৱৰাদল অঞ্চলত একেটা চুবুৰীতে নিযুক্তিৰ বাবে বাচনি হ’ল ১৪ গৰাকীকৈ যুৱক-যুৱতী ৷ একেদৰে বকুৱাজাৰী, আখৰা, দহকাউনীয়া আদি অঞ্চলৰো ভালেকেইগৰাকী প্ৰাৰ্থী বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈছে ।
নিবনুৱা যুৱক-যুৱতী কেইগৰাকীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰা খবৰে বাৰুকৈয়ে উৎফুল্লিত কৰিছে অঞ্চলবাসীক ৷ গোৱৰাদ'লৰ চামতীয়াপাৰাৰ একেটা চুবুৰীতে ১৪ গৰাকীয়ে নিযুক্তি লাভ কৰাত অঞ্চলবাসীয়ে উদযাপন কৰিলে আনন্দ উৎসৱ ।ইয়াৰ পূৰ্বেেও পূৱ নামবৰভাগ অঞ্চলৰ পৰা অসম আৰক্ষীৰ লগতে বিভিন্ন নিযুক্তিৰ বাচনিৰ জৰিয়তে কেইবাগৰাকী শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে অঞ্চলটোৰ দুকুৰিৰো অধিক শিক্ষিত মেধাৱী যুৱক-যুৱতীক সংস্থাপিত কৰাত অঞ্চলবাসীয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ।