শেহতীয়াকৈ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ হাজাৰ হাজাৰ মুখত হাঁহি বিৰিঙালে এই ফলাফলে। নিকা আৰু স্বচ্ছভাৱে নিজৰ মেধাৰ বলত এটা চৰকাৰী চাকৰি লাভ কৰি প্ৰাপ্তিৰ হাঁহি মাৰিছে বহু যুৱক–যুৱতীয়ে। এই ফলাফলে যেন বহু পৰিয়াললৈ আশাৰ পোহৰ কঢ়িয়াই আনিলে।
কটন কলেজৰ সন্মুখৰ ‘কটনিয়ান কড়ক চায়’লৈ আপুনি গৈছেনে। সোৱাদ লৈছেনে কটন কলেজৰ ছাত্ৰ বিজিত চৌধুৰীৰ চাহকাপৰ। কটনৰ সন্মুখতে সৰুকৈ এখন চাহৰ দোকান খুলি পঢ়াৰ লগতে নিজৰ কৰ্মমুখী যাত্ৰা আগুৱাই নিছিল বিজিতে। সন্ধিয়া বিজিতৰ হাতৰ গৰম চাহকাপত চুমুক দি চলে বিভিন্নজনৰ ৰসাল আড্ডা। মাতৃয়ে নিজ হাতেৰে বনাই দিয়া লাড়ু–পিঠাৰে আৰম্ভ কৰা সৰু দোকানখন এতিয়া বহুতৰে আকৰ্ষণৰ কেন্দ্ৰস্থল।
শেহতীয়াকৈ ঘোষণা কৰা চাকৰিৰ ফলাফলে ‘কটনিয়ান কড়ক চায়’ৰ বিজিতৰ বাবেও কঢ়িয়াই আনিলে আনন্দৰ বতৰা। তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ’ল বিজিত। আৰু আনন্দৰ এই খবৰটো ছচিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে বিজিত চৌধুৰীয়ে।
ছচিয়েল মিডিয়াত বিজিতে লিখিছে – ‘‘প্ৰতিটো প্ৰাপ্তিয়েই মনত আনন্দ দিয়েই। সেই প্ৰাপ্তি সৰুয়েই হওক অথবা ডাঙৰেই হওক। সদ্যঘোষিত তৃতীয় বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হ’লো। যদিও কৰ্মক লৈ মোৰ ধাৰণা পৃথক, তথাপি এয়াও এক প্ৰাপ্তিয়েই। শুভাকাংক্ষী সকলৰ শুভেচ্ছা বাণীৰে দিনটো উপচি পৰিল। সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। দেউতাৰ গৰুহাল, পথাৰখন, জৰাজীৰ্ণ ঘৰটো আৰু তাৰ পাছত পঢ়ি থকা দিনৰে পৰাই টিউচন, নেটৱৰ্ক মাৰ্কেটিং, চেলছ মেন, অফিচিয়েল জব, LIC agent, কেটাৰিঙ বয়, মেডিয়েটৰ আদি কৰি (হয়তো আৰু আছে) শেষত নিজৰ ষ্টাৰ্ট আপ আৰু শেষত চৰকাৰী চাকৰি এটা। পাৰ কৰি অহা প্ৰতিটো অভিজ্ঞতাই মনত পৰিল যোৱাকালি। শুভেচ্ছা জনোৱা আটাইলৈ অশেষ ধন্যবাদ।’’ বিজিতলৈ আমাৰ তৰফৰ পৰাও জনাইছো অফুৰন্ত শুভকামনা।
Tags:
National