ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ বাৰ নিৰ্বাচিত হৈছে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোছা। কাউন্সিলৰ কাৰ্য্যবাহী সদস্য অমিন্দু হোজাই, ডিলাই ডাউ ডাউলাগপু, চিৰঞ্জীৱ লাংথাছা আৰু বিশেশ্বৰ চক্ৰৱৰ্তী সন্থাৰ উপ সভাপতি পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। থাই টি চাওক ডাউলাগপু ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ নতুন সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে।
পুনৰ বাৰ সভাপতি নিৰ্বাচিত হোৱা দেৱলাল গৰ্লোছাই নিউজ ১৮ ৰ সম্মূখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে "আগন্তুক ৫ বছৰত আমি পাহাৰীয়া জিলাখনৰ ক্ৰীড়াৰ আন্তঃগাথনি আৰু উন্নত কৰিম"। উল্লেখযোগ্য যে অসম ক্ৰিকেট সন্থা আৰু ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ সাহাৰ্য্যৰে ইতিমধ্যে হাফলং আৰু উমৰাংছুত দুখন আটকধুনীয়া ষ্টেডিয়ামৰ নিৰ্মানৰ কাম চলি আছে। সংগঠক তাপস পুৰুছাই ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ কোষাধাক্ষ পদত নিৰ্বাচিত হৈছে ।