৩৬৮ গৰাকী নিৰ্বাচিত লোকৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ লাভ কৰিলে Indian Glorious Idol Award । কলকাতাৰ বিখ্যাত ড্ৰীম পেইন্টব্ৰাছৰ তৰফৰ পৰাও তেওঁ লাভ কৰিছে বহুকেইটা বঁটা । কিদৰে তেওঁ লাভ কৰিবলৈ সক্ষম হ'ল এই বঁটাসমূহ ?
সাহিত্যৰ ভৰাঁল চহকী কৰা এইগৰাকী বিশেষ মহিলাই অসমীয়া, ইংৰাজী আৰু বিশেষকৈ বাংলা ভাষাত লিখি উলিয়াইছে বহুকেইখন কিতাপ । বঙালী ভাষাত বহুকেইখন কিতাপ লিখি তেওঁ লাভ কৰিছে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ । অসমৰ লগতে যোৰহাটৰো নাম জিলিকাই তুলিছে স্বপ্না বৰঠাকুৰে ।
যোৰহাটৰ চিৰতীয়া গাঁও নিবাসী স্বপ্না বৰঠাকুৰ যোৰহাট সাহিত্য সন্মিলনীৰ সভাপতি পদতো অধিস্থিত হৈ আছে । কাব্যৰত্ন বটাঁপ্ৰাপক স্বপ্না বৰঠাকুৰৰ হাতৰ তুলিকাই কথা কয় । চিত্ৰাংকনৰ প্ৰতি আছে তেওঁৰ বিশেষ ৰাপ । তেওঁৰ ছবিবোৰৰ মাজত প্ৰকৃতি, সুখ-দুখ, বিষাদ-বেদনা আদি প্ৰতিটো অনুভৱেই চকুত পৰে । আনহাতে সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁৰ দখল আছে ।
বহুকেইখন কিতাপ প্ৰকাশ কৰাৰ লগতে সেইসমূহ কিতাপৰ বাবেও তেওঁ লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা । আনকি বাংলাদেশৰ পৰাও তেওঁক জনোৱা হৈছিল বিশেষ সন্মান । প্ৰায় ৫০০ ৰো অধিক মানপত্ৰই কয় স্বপ্না চৌধুৰীৰ চিত্ৰাংকন আৰু লিখনিৰ প্ৰতিভা কিমান মূল্যৱান । বাংলা সাহিত্যত তেওঁৰ অৱদানৰ বাবে তেওঁ টেগৰ এৱাৰ্ড, ৰবি এৱাৰ্ডো লাভ কৰিবলৈ সক্ষম হৈছে ।
বেদ, উপনিষদ সকলোবোৰ বাংলাত অধ্যয়ন কৰি তেওঁ বাংলা সাহিত্যত উজলি ৰৈছে । তেওঁৰ সাধনা, অধ্যৱসায় আৰু কৰ্মোদ্যমে তেওঁক এগৰাকী অসাধাৰণ নাৰী হিচাপে গঢ়ি তুলিছে । এইগৰাকী মহিলা এতিয়া সাহিত্য আৰু চিত্ৰাংকন জগতত জিলিকি ৰৈছে । কেনভাছত তেওঁ আঁকি লৈছে তেওঁ কৰিব বিচৰা প্ৰতিটো কামৰ জীয়া কাহিনী ।