অসমীয়া খিলঞ্জীয়া নাগৰিকৰ ৰাজনৈতিক ভৱিষ্যতক লৈ আপোচহীন আলফা৷ ৮৮% আসন সংৰক্ষণ অবিহনে সম্ভৱ নহয় কেন্দ্ৰ–আলফাৰ চুক্তি৷ কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজত আলোচনাক লৈ ইতিবাচক দিশ দেখিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। মে' মাহৰ ভিতৰত চুক্তি সম্পন্ন কৰাৰ ডেডলাইন দিছিল মুখ্যমন্ত্ৰীয়ে।
পিছে, মুখ্যমন্ত্ৰীৰ এই ডেডলাইনত আহি পৰিছে জটিলতা৷ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা খচৰাৰ গ্ৰহণযোগ্যতা নাই, যাৰ বাবে কোনো কাৰণত সম্ভৱ নহয় কেন্দ্ৰ–আলফাৰ চুক্তি৷ অসমীয়া খিলঞ্জীয়া নাগৰিকৰ হাতত অদূৰ ভৱিষ্যতে ৰাজনৈতিক অধিকাৰ থাকিব লাগিলে ৮৮% আসন সংৰক্ষণ থাকিব লাগিব অসমীয়া খিলঞ্জীয়া নাগৰিকৰ হাতত, যি দাবীৰ কোনো বিকল্প থাকিব নোৱাৰিব বুলি স্পষ্ট কৰিছে সংযুক্ত মুক্তি বাহিনীয়ে।
ইপিনে ৰাজনৈতিক অধিকাৰৰ সমান্তৰালকৈ নিখুঁত নাগৰিকপঞ্জী, ভূমিৰ অধিকাৰ, ছয় জাতিক জনজাতিকৰণকে ধৰি বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাকে ধৰি ১২ দফীয়া দাবী পত্ৰ দিছিল কেন্দ্ৰক। অসমীয়া খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ কথা যদিওবা এই খচৰাত নাকচ কৰিলে তথাপি কিন্তু আলফা–চৰকাৰৰ আলোচনাক লৈ ইতিবাচক অনুপ চেতিয়া। চেতিয়াই কয়– আমি অধৈৰ্য হোৱা নাই, আমি ধৈৰ্য ধৰিম৷ এতিয়া প্ৰশ্ন হৈছে সংযুক্ত মুক্তি বাহিনীৰ এনে স্থিতিৰ পিছত কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ সঁহাৰি দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব।
