বৃহস্পতিবাৰে তেজপুৰত ৯৫ শতাংশ ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ কৰা হয় কৃষক উৎপাদক কোম্পানী আৰু আত্মসহায়ক গোটৰ মাজত ৷ তেজপুৰৰ হজৰাপাৰস্থিত কৃষি অভিযান্ত্রিক বিভাগৰ কাৰ্যালয় চৌহদত ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ-পাতিৰ চাবি আনুষ্ঠানিকভাৱে প্ৰদান কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অতিৰিক্ত জিলা উপায়ুক্ত পংকজ কুমাৰ ৰাজবংশী আৰু জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই ।
কৃষি অভিযান্ত্রিক বিভাগে জিলাখনৰ এটা কৃষক উৎপাদক কোম্পানী আৰু সাতটা পঞ্জীয়নকৃত আত্মসহায়ক গোটৰ মাজত ৰেহাই মূল্যত প্ৰদান কৰিলে ৮ খনকৈ ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ-পাতি । জিলাখনৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপাৰা কৃষক উৎপাদক কোম্পানী, তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাধৱজ্যোতি দায়ৱদ্ধ আত্মসহায়ক গোট, শ্ৰীহৰি কৃষক গোট, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত আশ্ৰয় উৎপাদক আত্মসহায়ক গোট, কৃষক উজ্জ্বল কৃষি সেৱা গোট, মহিলা আত্মসহায়ক গোট মনালিছা, ছিমং পথাৰ পৰিচালনা গোট আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰশ্বেল আত্মসহায়ক গোটক ৰেহাই মূল্যত প্ৰদান উক্ত ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ-পাতিসমূহ ।
কৃষকসকলক সময়ৰ সৈতে খোঁজ মিলাই যান্ত্ৰিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত খেতি কৰি অধিক লাভান্বিত হোৱাৰ লগতে বজাৰ দখলৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আৰু জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই । অনুষ্ঠানত উপস্থিত থাকে যুটীয়া কৃষি সঞ্চালক (উত্তৰ সংমণ্ডল) পবিত্ৰ শৰ্মা, কৃষি কাৰ্যবাহী অভিযন্ত্ৰা প্ৰসন্নজিৎ শইকীয়া, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ মুৰব্বী বিজ্ঞানী অংগনা শৰ্মা, অৱসৰপ্রাপ্ত কৃষি সহকাৰী অভিযন্তা ভূপেন বৰুৱা, কৃষি উন্নয়ন বিষয়া অক্ষয় ঘোষ, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াৰ লগতে ২০০ ৰো অধিক কৃষক ।
