উপায়ুক্ত কীৰ্তি জল্লীক ক্ষমা খোজাৰ দাবী অসম চিকিৎসা সেৱা সন্থাৰ


 

গুৱাহাটীত অসম চিকিৎসা সেৱা সন্থাৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰাৰ মূল উদ্দেশ্য হৈছে কামৰূপৰ উপায়ুক্তই চিকিৎসা কৰ্মচাৰীক কৰা অপমান। উপায়ুক্ত কীৰ্তি জল্লীয়ে এগৰাকী চিকিৎসকক কৰা অশালীন ব্যৱহাৰৰ বিৰুদ্ধে সংবাদমেলত উপায়ুক্তগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে সংস্থাটোৱে।


উপাযুক্তগৰাকীয়ে বিনাচৰ্তে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে বুলিও দাবী উত্থাপন কৰে সন্থাটোৱে। উল্লেখ্য যে ৪ মে'ত শিঙিমাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপায়ুক্ত কীৰ্তি জল্লীয়ে কৰ্তব্যত গাফিলতিৰ অভিযোগ তুলি চিকিৎসালয়খনৰ উপ–অধীক্ষক ডাক্তৰ মনমোহন মৰলক ধমক দিছিল। সন্থাটোৱে সংবাদমেলত প্ৰকাশ কৰে যে
যদি চিকিৎসকজনৰ কিবা ভুল আছিল তেন্তে কাৰ্যালয়ত মাতি নি শাস্তি দিব লাগিছিল,
কিন্তু জনপ্ৰিয় হোৱাৰ স্বাৰ্থত  ৰাজহুৱাভাৱে অশালীন ব্যৱহাৰ কৰিছে উপায়ুক্তগৰাকীয়ে (DC Keerthi Jalli)।

সংস্থাটোৱে লগতে উপায়ুক্তগৰাকীয়ে ক্ষমা নিবিচাৰিলে আন্দোলন কৰাৰো হুংকাৰ দিয়ে। আনহাতে, ইয়াৰ পূৰ্বেও চিকিৎসা কৰ্মীক অপমান কৰাৰ অভিযোগ আছে বুলি মন্তব্য কৰে অসম চিকিৎসা সেৱা সন্থাই। উল্লেখযোগ্য যে উপায়ুক্তগৰাকীয়ে চিকিৎসকক কৰা অপমানৰ পিছতে ইয়াৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ভিডিঅ'তো চিকিৎসা কৰ্মীগৰাকীৰ দৰমহা বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

Post a Comment

Previous Post Next Post