লকআপত সংগীতা দত্তৰ ‘উৎপাত’, স্বামী ৱালিউলে কৰিছে ভাগৱত পাঠ


 

শিশুক আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলাম বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত সংগীতা দত্তক পাণবজাৰ থানা আৰু ৱালিউল ইছলামক ৰখা হয় পল্টন বজাৰ থানাত।


নিশা পাণবজাৰ থানাত আৰক্ষীক হাৰাশাস্তি কৰিলে সংগীতা দত্তই। লকআপৰ পৰা উলিয়াই দিবলৈ চিঞৰ–বাখৰ কৰে থানাৰ ভিতৰত। জঘন্য অপৰাধত গ্ৰেপ্তাৰ হোৱা সংগীতাৰ মুখত দেখা নগ’ল তিলমানো অনুশোচনাৰ ভাৱ। তাৰ পৰিৱৰ্তে ভৰিৰ ওপৰত ভৰি তুলি চকীত বহি নিশা থানাত কটালে সংগীতা দত্তই। ইফালে, ডাঃ ৱালিউল ইছলামৰ আজিৰ জিম্মাত তৃতীয় দিন। বল্টন বজাৰ থানাত ভাগৱত গীতা পঢ়ি সময় পাৰ কৰিছে ডাঃ আলিউল ইছলামে।

Post a Comment

Previous Post Next Post