কাইলৈ প্ৰায় ৮০০০ কোটি টকাৰ বুজাবুজি চুক্তি! আই-ফোন নিৰ্মাণৰ কোম্পানী স্থাপন হ'ব নেকি অসমত?



ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালনৰ সময়ত কাইলৈ বহু কেইটা কোম্পানীৰ সৈতে প্ৰায় ৮০০০ কোটি টকাৰ বুজাবুজি চুক্তি কৰিব অসম চৰকাৰে ৷ এই ৮০০০ কোটি টকাৰ বিনিয়োগৰ ক্ষেত্ৰত কোন কোন কোম্পানী আগবাঢ়ি আহিছে? এই সন্দৰ্ভত News18ৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে— “কাইলৈ বহু কেইটা কোম্পানীৰ সৈতে প্ৰায় ৮০০০ কোটি টকা বিনিয়োগৰ চুক্তি হ'ব। ইয়াৰ ভিতৰত পেপছীয়ে পটেটু ছীপছ নিৰ্মাণ, তিনিটা চিমেণ্ট উদ্যোগ স্থাপন আৰু ইলেকট্ৰিক বাহন নিৰ্মাণকাৰী কোম্পানী আছে।”


লগতে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত ব্যাখ্যা কৰি কয়— “অসমত বিনিয়োগ কৰিবলৈ এতিয়া বহুতেই বিচাৰিছে। উজনি নামনি ঘূৰি আছে উদ্যোগপতিয়ে ৷ আজিও জাগীৰোডৰ পেপাৰ মিল চাবলৈ গৈছে টাটা কোম্পানীৰ মানুহে ৷ যোগীঘোপালৈও গৈছে ৷ আমাৰ লগত আৰু ৮-৯ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ বাবে কথা চলি আছে ৷”

মুখ্যমন্ত্ৰী ড° শৰ্মাক ইয়াৰ লগতে প্ৰশ্ন কৰা হ'ল— অসমত আই ফোন নিৰ্মাণ কোম্পানীয়ে বিনিয়োগ কৰিব নেকি? উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে— “আই ফোন কোম্পানীৰ সৈতে আমাৰ কথা চলি আছে । সময়ত সকলো স্পষ্ট হ'ব । অসমত উদ্যোগ ক্ষেত্ৰত বিনিয়োগ কৰাৰ কাম এয়া আৰম্ভণিহে মাত্ৰ । আৰু বহু কৰিবলগীয়া আছে ৷”

Post a Comment

Previous Post Next Post