ৰাজ্যত চাঞ্চল্য সৃষ্টি কৰা শিশু নিৰ্যাতন কাণ্ডত অভিযুক্ত ডাঃ সংগীতা দত্তক সোমবাৰে সন্ধিয়াও পাণবজাৰ মহিলা থানাত প্ৰায় দুঘন্টা ধৰি জেৰা চলোৱা হয়।
জেৰা চলাই ক্ৰাইম ব্ৰাঞ্চৰ উচ্চ পদস্থ বিষয়াই। সোধা–পোছাৰ অন্তত আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে– 'যদিহে ডাক্তৰ দম্পতীৰ এই কু–কাণ্ডৰ সৈতে আৰু কোনো লোক জড়িত হৈ আছে, তেন্তে শীঘ্ৰে সেয়া পোহৰলৈ আহিব।'
অৱশ্যে তেওঁ তদন্ত সন্দৰ্ভত আন কোনো মন্তব্য ৰখাৰ পৰা বিৰত থাকে। জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীৰ মন্তব্যৰ পিছত এতিয়াও তদন্তৰ আওতাত আৰু বহু লোক অহাৰ সম্ভাৱনা আছে নেকি, তাক লৈ নতুন ইংগিত প্ৰকাশ পাইছে।
উল্লেখ্য, গুৱাহাটীৰ অভিজাত মনৰোগ চিকিৎসক ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামক নিজ তোলনীয়া শিশু সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষী জিম্মাত ৰখা হৈছে (Assam doctor couple arrested)।
