বিক্ৰী হ’ল সুন্দৰ পিচাইৰ পিতৃক ঘৰ। চেন্নাইৰ অশোক নগৰত পিচাই পৰিয়ালৰ ঘৰটো ক্ৰয় কৰিছে তামিল ছবি জগতৰ অভিনেতা তথা প্ৰযোজক মণিকণ্ডনে। তেওঁ সংবাদ মাধ্যমক জনাইছে যে সুন্দৰ পিচাইৰ ঘৰ বুলি তেওঁ সেই সম্পত্তি ক্ৰয় কৰা নাই। বৰং গুগলৰ চিইঅ’গৰাকীৰ পিতৃ–মাতৃৰ নম্ৰ ব্যৱহাৰে তেওঁক মুগ্ধ কৰিছে।
সংবাদ মাধ্যমক তেওঁ কয়, ‘‘প্ৰথম বাৰ্তালাপতে সুন্দৰ পিচাইৰ মাতৃয়ে নিজৰ হাতেৰে মোৰ বাবে ফিল্টাৰ্ড কফি প্ৰস্তুত কৰিছিল। তেওঁৰ পিতৃয়ে ঘৰ সংক্ৰান্তীয় সকলো নথি মোক দিয়ে। তেওঁলোকৰ মানৱীয়তা আৰু বিনয়ী ব্যৱহাৰত আমি অভিভূত।’’
মণিকণ্ডনে আৰু জনায় যে ঘৰৰ ৰেজিষ্ট্ৰেচন আৰু ট্ৰান্সফাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ যেন সুন্দৰ পিচাইৰ নাম যাতে ব্যৱহাৰ কৰা নহয়, তাৰ বাবেও পিতৃয়ে আর্জি জনায়। ৰেজিষ্ট্ৰেচন কাৰ্যালয়ত সাধাৰণ মানুহৰ সৈতে দীৰ্ঘ লাইনত অপেক্ষা কৰি, সকলো বকেয়া কৰ পৰিশোধ কৰাৰ পিছতে ঘৰৰ নথি–পত্ৰ তেওঁ তুলি দিয়ে মণিকণ্ডনৰ হাতত।
‘হিন্দু বিজনেছ লাইন’–ৰ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে, অশোক নগৰৰ শান্ত নিৰিবিলি পৰিৱেশত যিটো ঘৰ তেওঁ কিনিছে, সেই ঘৰটোতে সুন্দৰ পিচাইৰ জন্ম আৰু ডাঙৰ–দীঘল হৈছে। ১৯৮৯ চনত মেটালাৰ্জিকেল ইঞ্জিনিয়াৰিং পঢ়িবলৈ তেওঁ গুচি যায় খড়গপুৰ আইআইটিলৈ। তেওঁৰ শৈশৱৰ সময় অতিবাহিত হোৱা ঘৰটো কিনিব পাৰি গৰ্বিত বুলি জনায় মণিকণ্ডনে।
অশোক নগৰৰ এই ঘৰটো নিৰ্মাণ কৰিছিল সুন্দৰ পিচাইৰ পিতৃয়ে। তেওঁৰ জীৱনত এয়াই আছিল প্ৰথম সম্পত্তি। বিক্ৰী কৰাৰ পিছত মুহূৰ্তৰ বাবে হ’লে তেওঁ ভাঙি পৰিছিল। এই কথা জনালে মণিকণ্ডনে। তেওঁ সেই স্থানত এটা নতুন ভিলা নিৰ্মাণ কৰিব।
অশোক নগৰৰ এই ঘৰটো নিৰ্মাণ কৰিছিল সুন্দৰ পিচাইৰ পিতৃয়ে। তেওঁৰ জীৱনত এয়াই আছিল প্ৰথম সম্পত্তি। বিক্ৰী কৰাৰ পিছত মুহূৰ্তৰ বাবে হ’লে তেওঁ ভাঙি পৰিছিল। এই কথা জনালে মণিকণ্ডনে। তেওঁ সেই স্থানত এটা নতুন ভিলা নিৰ্মাণ কৰিব।
Tags:
International
