১৫০০ শতিকাতে স্থাপিত এক ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান বিল্বেশ্বৰ দেৱালয়



 নামনি অসমৰ এখন ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান হৈছে- বিল্বেশ্বৰ দেৱালয় । নলবাৰী চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ বেলশৰত অৱস্থিত দেৱালয়খন । ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা বিল্বেশ্বৰ দেৱালয় স্থাপনৰ আঁৰতো আছে বহু বিশেষ কাহিনী । মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায় ।


সেই মৰ্মে অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী গাই আছিল । ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে । ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে । কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল ।এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায় । লৌহিত্য বংশৰ ৰজা নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে । কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে । শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ হয়গৈ ।নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰৰ নিৰ্মাণ কৌশলৰ লগত বিল্বেশ্বৰ দেৱালয়ৰ কিছু সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে । পালবংশীয় ৰজা ধৰ্মপালে এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল । দেৱালয় চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা ।

আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল । এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা । বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে । ঐতিহাসিক দেৱালয়খনে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তুলিছে এক সাঁকো ৷ যি সাঁকোৱে আজিও কটকটীয়াকৈ ধৰি ৰাখিছে সমন্বয়ৰ ভেঁটি ৷ ঐতিহ্য পৰম্পৰা অনুসৰি দেৱালয়ত আজিও প্ৰচলিত হৈ আছে পাইক প্ৰথা ৷

এই প্ৰথাৰ ভিত্তিতে স্থানীয় ইছলামধৰ্মী লোকসকলক ৰজাই ভূমি প্ৰদান কৰিছিল ৷ তদুপৰি দেৱালয়ৰ কামত নিয়োজিত কৰিবলৈ মুছলমান লোকসকলক প্ৰদান কৰিছিল হুজুৰী উপাধি ৷ তেতিয়াৰে পৰাই দেৱালয়খনত চলি আহিছে এক বিশেষ পৰম্পৰা ৷ আনকি ভগৱানৰ বাবে আগবঢ়োৱা ভোগৰ থালীৰ এক অংশ প্ৰদান কৰা হয় ইছলামধৰ্মী লোকসকলক ৷ হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজা অনুষ্ঠিত কৰা হয় ।

এই দেৱালয়ত হাঁহ, পাৰ, ম'হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন । দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ম'হ বলি দিয়া হয় । বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাত দেৱীৰ মৃণ্ময় মূৰ্তি নহয় । এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয় ।

বছৰৰ বিভিন্ন সময়ত এই দেৱালয় পৰিদৰ্শন কৰিবলৈ দূৰ দূৰণিৰ ভক্তৰ সমাগম হয় যদিও দূৰ্গা পূজাৰ সময়ত লাখে লাখে ভক্তই এই দেৱালয় পৰিদৰ্শন কৰে । নিজৰ মনোবাঞ্চা পূৰণৰ অৰ্থে বিভিন্নজনে মহানৱমীৰ দিনা দেৱীৰ ওচৰত বলি আগবঢ়ায় ।


Post a Comment

Previous Post Next Post