হৃদয়বিদাৰক ঘটনা! জাৱৰৰ সৈতে পানীত দলিয়ালে সদ্যোজাত শিশুক

 


ডিব্ৰুগড়ত ভয়াৱহ ঘটনা। আৱৰ্জনাৰ সৈতে পানীত পেলালে জীৱন্ত সদ্যোজাত শিশুক। অপেক্ষা হাস্পতালৰ আৱৰ্জনাৰ সৈতে শিশুটিক পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে উদ্ধাৰ কৰি AMCHলৈ নিয়াৰ পথতে মৃত্যু হয় শিশুটিৰ। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।


ডিব্ৰুগড়ৰ পল্টন বজাৰৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষত অপেক্ষা নামৰ ব্যক্তিগত হাস্পতালখনৰ জাৱৰ পেলাওঁতে জাবৰৰ লগত ওলাল এটি সদ্যজাত শিশু। স্থানীয় লোকে সদ্যজাত কেঁচুৱাটো পানীৰ পৰা উদ্ধাৰ কৰি AMCHলৈ নিছিল যদিও মৃত্যু ঘটে শিশুটিৰ। স্থানীয় লোকে স্পষ্টকৈ পত্যক্ষ কৰে যে অপেক্ষা নাম সম্বলিত পোছাক পিন্ধা লোকে উক্ত স্থানত জাবৰ পেলাইছিল।


Post a Comment

Previous Post Next Post