গহপুৰ আৰক্ষীৰ সফল অভিযান, নকল সোণসহ নগদ টকা জব্দ, ৪ জনক গ্ৰেপ্তাৰ



 নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছত নকল সোণৰ ব্যৱসায়ৰ প্ৰসংগই সমগ্ৰ ৰাজ্যজুৰি বিশেষভাৱে চৰ্চা লাভ কৰি অহাৰ সময়তে উত্তৰ অসমৰ ভিতৰত নকল সোণ প্ৰস্তুতৰ অন্যতম ঘাটি হিচাপে পৰিচিত লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা গহপুৰ আৰক্ষীৰ এক সফল অভিযানত গ্ৰেপ্তাৰ হৈছে নকল সোণ, নগদ ধনসহ চাৰিজন লোক।


গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাস আৰু গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ নেতৃত্বত আজি পুৱতি নিশা চলোৱা এক অভিযানত বঙালমৰাৰ দুই নং সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে ক্ৰমে আনোৱাৰা বেগম(৪০), নাৰ্জিমা বেগম(১৯), নাজমুল হক(১৯) আৰু আব্দুল মুন্নাছ (৬০)।আৰক্ষীৰ অভিযানকাৰী দলটোৱে ধৃত লোক চাৰিজনৰ পৰা প্ৰায় আধা কিল'গ্ৰাম ওজনৰ নকল সোণ আৰু নগদ ৬ লাখ ৬০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। ধৃত লোক কেইজনক আজি পুৱা গ্ৰেপ্তাৰ কৰি বঙালমৰাৰ পৰা গহপুৰ আৰক্ষী থানালৈ লৈ অহা হয়।নকল সোণ ব্যৱসায়ৰ লগত জড়িত লোক কেইজনৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাস আৰু আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীয়ে।

জানিব পৰামতে, পঞ্জাৱৰ মোহালীৰ সুৰেশ কুমাৰ নামৰ এজন লোকে সোণ কিনাৰ বাবে বন্দবস্ত কৰিছিল ধৃত আনোৱাৰা বেগমৰ লগত। সেই অনুসৰি, যোৱা প্ৰায় ডেৰ মাহ পূৰ্বে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলাবাৰীত সুৰেশ কুমাৰে নগদ চাৰি লাখ টকা আগধন হিচাপে আদায় দিছিল ধৃত আনোৱাৰা বেগমক। কিন্তু সুৰেশ কুমাৰে উক্ত ধন আদায় দিয়াৰ পিছৰে পৰা আত্মগোপন কৰিবলৈ লয় আনোৱাৰা বেগমে। সেই সময়ত ঘটনা স‌ংক্ৰান্তত সুৰেশ কুমাৰে গহপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হৈ থকা গোচৰটোৰ সংক্ৰান্তত অভিযান চলাই গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত চাৰি অভিযুক্তক।


Post a Comment

Previous Post Next Post