১৯৬৫ চনত অসম বিধানসভাত গৃহিত এক বিধেয়কৰ দ্বাৰা এই বিশ্ববিদ্যালয়খন স্থাপিত হয় । অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান" আছে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদটোৰ মাটিকালি প্ৰায় ৫০০ একৰ । ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয় । এই বিশ্ববিদ্যালয়খন অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত ।ডিব্ৰুগড় চহৰৰ কেন্দ্ৰবিন্দু "নতুন বজাৰ" ৰ পৰা প্ৰায় ৫ কিঃ মিঃ দক্ষিণে "ৰজাভেটা" অঞ্চলত আছে উচ্চ শিক্ষাৰ এই প্ৰাণকেন্দ্ৰটো ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোও বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য আছিল ড॰ বি আৰ শেঠ ।
বৰ্তমান বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হৈছে ড° জীতেন হাজৰিকা ।প্ৰায় ৪০০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিশ্ববিদ্যালয়খনত অসমৰ উপৰি ভাৰতৰ বিভিন্ন স্থানৰ লগতে বিদেশী ৰাষ্ট্ৰৰো ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন আৰু গৱেষণা কৰিবলৈ আহে । এই বিশ্ববিদ্যালয়খনত ২৭৩ গৰাকী শিক্ষক আছে ।ইয়াৰে ৬০ গৰাকী অধ্যাপক, ১৮৮ গৰাকী সহকাৰী অধ্যাপক, ২৫ গৰাকী সহযোগী অধ্যাপক ৷ স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডিৰ পাঠদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰি আহিছে । বৰ্তমান এই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৭৮খন । বিশ্ববিদ্যালয়খনত ১৭টা বিভাগ আৰু ১৫ টা কেন্দ্ৰ আছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ নাম লক্ষ্মীনাথ বেজবৰুৱা কেন্দ্ৰীয় গ্ৰন্থাগাৰ । চাৰিমহলীয়া এই গ্ৰন্থাগাৰটোৱে প্ৰায় ৩৩৫৭০ বৰ্গফুট কালি অধিকাৰ কৰি আছে ।
এই গ্ৰন্থাগাৰত বিভিন্ন বিষয়ৰ গ্ৰন্থৰ লগতে আলোচনী, পত্ৰিকা, বাতৰি কাগজ আদি ৰখা হয় । তদুপৰি বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা বিভিন্ন গৱেষকৰ গৱেষণাপত্ৰসমূহো ইয়াত সুকীয়া সংগ্ৰহ হিচাপে ৰখা হৈছে । বৰ্তমান গ্ৰন্থাগাৰটোৰ গ্ৰন্থ ব্যৱস্থাপনা আৰু আদান-প্ৰদান সূবিধাসমূহ সম্পূৰ্ণৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত।ডিব্ৰুগড় বিশ্ববিদ্যালয় Association of Indian Universities (AIU) আৰু Association of Commonwealth Universities (ACU)ৰ সদস্য ।
বিশ্ববিদ্যালয়খন National Assessment and Accreditation Council (NAAC), Bangaloreৰ দ্বাৰা মূল্যাঙ্কিত আৰু A Grade প্ৰাপ্ত। "বিশ্ববিদ্যালয় অনুদান আয়োগে" ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "অসমীয়া বিভাগ"টোক Center for Advanced Studies (CAS) হিচাপে চিহ্নিত কৰিছে। তদুপৰি অন্য আঠটা বিভাগক আয়োগে Special Assistance Programme (SAP)ৰ অধীনত DSA আৰু DRSৰ মৰ্যাদা দিছে ।
এই বিশ্ববিদ্যালয়ৰ "পে'ট্ৰলিয়াম প্ৰযুক্তিবিদ্যা" বিভাগটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰদ্বাৰা Center for Relevance and Excellence (CORE) under Technology, Information, Forcasting and Assessment Council (TIFAC) হিচাপে চিহ্নিত হৈছে । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ল'ৰাৰ ৭ টা আৰু ছোৱালীৰ বাবে ৮ টাকৈ আৱাস আছে ।
খেলুৱৈৰ বাবে দুখন বিশাল খেলপথাৰ,ভলী,লন টেনিচ,বেডমিণ্টন,বাস্কেটবলৰ কৰ্টৰ লগতে শৰীৰ চৰ্চা কেন্দ্ৰ এটাও আছে । ৰেডিঅ' জ্ঞানমালিনী নামৰ এটা অনাঁতাৰ কেন্দ্ৰও বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত ।৫৮ বছৰীয়া স্বৰ্ণিল যাত্ৰাত সাহিত্য,বিজ্ঞান,ৰাজনীতি, ক্ৰীড়া আদি বিভিন্ন দিশত এই বিশ্ববিদ্যালয়তে অধ্যয়ন কৰি দেশ-বিদেশৰ বিভিন্ন ঠাইত নাম উজলাবলৈ সক্ষম হোৱা কেইজনমান ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ হৈছে ,হেৰম্ব বাইলুং(ভাৰতীয় প্লাজমা ভৌতিক বিজ্ঞানৰ বৈজ্ঞানিক),অনুৰাধা শৰ্মা বৰপূজৰাৰী (সাহিত্য একাডেমী বটাপ্ৰাপক),জয়ন্ত মাধৱ বৰা(সাহিত্য একাডেমী বটাপ্ৰাপক),সৰ্বানন্দ সোণোৱাল(অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,বৰ্তমান ভাৰত চৰকাৰৰ জাহাজ,বন্দৰ,আয়ুসৰ কেন্দ্ৰীয় মন্ত্ৰী),পি এ চাংমা(লোক সভাৰ প্ৰাক্তন অধক্ষ্য), দুলাল মানকি(পদ্মশ্ৰী বটাপ্ৰাপক)আদি ।
উল্লেখনীয় যে বিশ্ববিদ্যালয়খন NAAC ৰ পৰা ' A 'Grade প্ৰাপ্ত এখন উচ্চমানদণ্ডৰ বিশ্ববিদ্যালয় । সামগ্ৰিক শিক্ষাৰ ডেউকা বহল কৰা আৰু শিক্ষাৰ্থীৰ প্ৰজন্মৰ মাজত গৱেষণা আৰু উন্নয়নৰ প্ৰতি আকৰ্ষণ জগাই তোলাৰ প্ৰতি সততাৰে বিশ্ববিদ্যালয়খনে কেৱল উত্তৰ-পূব ভাৰতৰ নহয়, দেশৰ শৈক্ষিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে ।
