কবৰ খান্দি উলিওৱা হ’ব ফাইজান আহমেদৰ মৃতদেহ



 তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ খড়গপুৰত ৰহস্যজনকভাৱে হোৱা মৃত্যুৰ তদন্ত বৰ্তমানেও অব্যাহত আছে। এতিয়া মৃত্যুৰ সঠিক তদন্তৰ বাবে ফাইজান আহমেদৰ মৃতদেহ কবৰৰ খান্দি উলিওৱা হ’ব। ইয়াৰ বাবে কলকাতাৰ তদন্তকাৰী দল ডিব্ৰুগড়ত ইতিমধ্যে উপস্থিত হৈছে।


উল্লেখ্য যে, IIT খড়গপুৰত ফাইজান আহমেদৰ মৃত্যু হৈছিল। ২০২২ চনৰ ১৪ অক্টোবৰত ফাইজানৰ ৰহস্যজনক মৃত্যু হৈছিল। হোষ্টেলৰ কোঠাত অৰ্ধগলিত অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই মৃত্যুৰ আঁৰৰ ৰহস্য আজি পৰ্যন্ত ফাদিল হোৱা নাই আৰু বৰ্তমানেও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি কবৰস্থানত ফাইজানৰ মৃতদেহ কবৰস্থ কৰা হৈছিল। মৰোণোত্তৰ পৰীক্ষাৰ বাবে আজি ফাইজানৰ মৃতদেহ খান্দি উলিওৱাৰ সম্ভাৱনা আছে।মন কৰিবলগীয়া যে, ঘটনাৰ ৭ মাহ পাছত ফাদিল হৈছিল যে ফাইজানক হত্যা কৰা হৈছিল। ইয়াৰ পিছতেই ছাত্ৰজনক হত্যা কৰা বুলি পৰিয়ালৰ লোক আদালতৰ দাৰস্থ হৈছিল। ন্যায়ালয়ে ২৫ এপ্ৰিলত মৃতদেহ পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতেই কবৰস্থ ফাইজানৰ মৃতদেহ খান্দি উলিওৱাৰ বাবে কলকাতাৰ তদন্তকাৰী দল ডিব্ৰুগড়ত উপস্থিত হৈছে।

Post a Comment

Previous Post Next Post