প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি তামুলপুৰত ৰঙাঘৰৰ আলহী প্ৰেমিক


 

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লতিবাৰী সৰুবালিসীহাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন প্ৰেমিকে প্ৰেমিকাৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰে। বৰ্তমান প্ৰেমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দুয়োৰে মাজত প্ৰথমে প্ৰেম, তাৰ পাছত সম্পৰ্ক গভীৰ হয় ৷ ইয়াৰ পিছতেই প্ৰেমিকে সিহঁতৰ অন্তৰংগৰ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ব্লেকমেইলিং আৰম্ভ কৰে। কিন্তু এই ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াত প্ৰেমিক ৰঙাঘৰত সোমাবলগীয়া হ' ল।


উল্লেখ্য যে, তামুলপুৰৰ যুৱক–যুৱতীহালৰ মাত্ৰ ছয়মাহৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। অভিযোগ অনুসৰি প্ৰেমিক সুকুমাৰ দাসে প্ৰথমে বাইকেৰে ঘৰলৈ নি প্ৰেমিকাৰ সৈতে বলপূৰ্বকভাৱে প্ৰেমিকাৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰে আৰু তাৰ পিছত প্ৰেমিকাক ব্লেক মেইলিং কৰা আৰম্ভ কৰে।

জানিব পৰা মতে, সুকুমাৰে প্ৰেমিকাক তেজপুৰ লৈ যোৱাৰ বাবে লগ ধৰিছিল ৷ তালৈ নগ’লে প্ৰেমিক সুকুমাৰে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ উপায়ন্তৰ হৈ প্ৰেমিকা গ' ল যদিও তেজপুৰৰ সলনি জোনাই লৈ যায় সুকুমাৰে। তাতে ভয় ভাবুকিৰে প্ৰেমিক সুকুমাৰ দাসে প্ৰেমিকাৰ কিছু অশ্লীল ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে ৷ প্ৰেমিকাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পাছতে সুকুমাৰৰ বিৰুদ্ধে যুৱতীৰ পৰিয়ালে তামুলপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰ ভিত্তিত প্ৰেমিক সুকুমাৰ দাসক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি তামুলপুৰ আৰক্ষী থানাৰ লকআপত প্ৰেমিক সুকুমাৰ আছে।

Post a Comment

Previous Post Next Post