সৃষ্টিশীল আৰু প্ৰতিভাশালী ব্যক্তিৰে ভৰি আছে বৰাক উপত্যকা । এই উপত্যকাৰ জনসাধাৰণেও চলচ্চিত্ৰ নিৰ্মাণক গুৰুত্বসহকাৰে ল’ব । এই আশা প্ৰকাশ কৰিলে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰাজীৱ মোহন পন্থে । শিলচৰ ৰাজীৱ ভৱনত শনিবাৰৰ পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে দুদিনীয়া বৰাক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ।
ইয়াৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ উপাচাৰ্যগৰাকীয়ে আৰু কয়- "বৰাক উপত্যকা সৃষ্টিশীলতাৰ ক্ষেত্ৰত অতুলনীয় । প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱৰ আয়োজন কৰাটো অতি ইতিবাচক পদক্ষেপ । আশাকৰো ই এই উপত্যকাৰ জনসাধাৰণক চলচ্চিত্ৰ নিৰ্মাণক অধিক গুৰুত্বসহকাৰে ল’বলৈ উৎসাহিত কৰিব । বৰাক উপত্যকা বৌদ্ধিক আৰু প্ৰগতিশীল চিন্তাশীল লোকৰ বাসস্থল ।"
লগতে তেওঁ কয় যে চিনেমাই এটা জাতি গঢ়িও তুলিব পাৰে ভাঙিও পেলাব পাৰে । এখন ভাল ছবিয়ে এটা জাতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে । জনমত গঢ় দিয়াত চলচ্চিত্ৰ উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সঠিক দিশত অগ্ৰগতি হ’লেহে আমাৰ দেশ আগবাঢ়িব পাৰিব । ছবিয়ে সমাজখনক প্ৰতিফলিত আৰু প্ৰভাৱিত কৰে আৰু সেয়েহে চলচ্চিত্ৰ নিৰ্মাতাসকলে দায়িত্ববোধেৰে ছবি নিৰ্মাণ কৰা উচিত বুলি তেওঁ কয় ।
আনহাতে, শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰিচালক অধ্যাপক ৰজত গুপ্তাইও ছবিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, "ছবিয়ে আমাৰ ব্যক্তিত্ব গঢ়ি তুলিব পাৰে । ই এজন ব্যক্তিৰ সামগ্ৰিক বিকাশত সহায় কৰিব পাৰে ।" অধ্যাপক গুপ্তাই লগতে কয় যে চুটি ছবিৰ অতিৰিক্ত সুবিধা আছে । চুটি ছবিয়ে আমাৰ মগজুক কামত লগায় । আমাৰ চিন্তা শক্তি বৃদ্ধি কৰে ।
৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰী সদস্য তথা ভাৰতৰ অস্কাৰ ২০২১ৰ আনুষ্ঠানিক প্ৰৱেশৰ বাছনি সমিতিৰ সদস্য পম্পালি আৰু অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা দীপ চৌধুৰীয়ে উদ্যোক্তাসকলক প্ৰশংসা কৰে । তেওঁলোকে এনে চুটি ছবি মহোৎসৱ আয়োজন কৰাত গুৰুত্ব আৰোপ কৰে । "চিনেমা চাই থাকক আৰু আপোনাৰ চৌপাশৰ কথাবোৰ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰক"- পম্পালিয়ে কয় । ই উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলক অধিক জ্ঞান আহৰণ কৰাত সহায় কৰিব ।
পম্পালী আৰু দীপ দুয়োজনে সকলোকে চলচ্চিত্ৰ মহোৎসলৈ আহি চলচ্চিত্ৰ চাবলৈ আহ্বান জনায় । কলকাতাৰ চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জন ঘোষেও এনে চলচ্চিত্ৰ মহোৎসৱলৈ আহি ছবি চোৱাৰ আহ্বান জনাইছে । তেওঁ স্থানীয় চলচ্চিত্ৰ নিৰ্মাতা তথা উৎসৱ পৰিচালক বুদ্ধ দাসৰ সৈতে যৌথভাৱে এখন চুটি ছবি নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে । ড° অজয় ৰয়ে আদৰণি জনাই সকলোকে ।
মন কৰিবলগীয়া যে প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । শনিবাৰ আৰু দেওবাৰে শিলচৰ ৰাজীৱ ভবনত অনুষ্ঠিত হ’ব চুটি ছবি প্ৰদৰ্শন । ইয়াত বিশ্বৰ বিভিন্ন দেশৰ কেইবাখনো চুটি ছবি সন্নিবিষ্ট কৰা হৈছে । পূৰ্ণদৈৰ্ঘ্যৰ ছবিও আছে ।
বৰাক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সমিতিৰ এই পদক্ষেপৰ লক্ষ্য হৈছে উপত্যকাৰ পৰৱৰ্তী প্ৰজন্মক চলচ্চিত্ৰ নিৰ্মাণ আৰু চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহত উৎসাহিত কৰা । এই মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া, মাৰাঠী, হিন্দী, বাংলা, চাওতালী আৰু মণিপুৰী ভাষাৰ ছবি । বাংলাদেশ, জাৰ্মানী আৰু জাৰ্মানীত নিৰ্মাণ কৰা ছবিও প্ৰদৰ্শিত হ'ব ।